শেহতীয়া খবৰ
ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ

বিশ্ব অভিলেখেৰে কুৱেইটত পুনৰ শ্বুটিঙত স্বৰ্ণ পদক হৃদয়ৰ

507

ডিজিটেল ডেস্কঃ পুনৰ উজলি উঠিছে অসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকা। কুৱেইটত অনুষ্ঠিত ১১সংখ্যক এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত হৃদয়ে বিশ্ব অভিলেখসহ মিক্সড ডাবলছ ইভেণ্টত জয় কৰে স্বৰ্ণ পদক।

অসম সন্তানগৰাকীয়ে ডাবলছৰ সংগী ইলাভেনিল ডালৰিভানৰ সৈতে ইভেণ্টটোত ৫০২ পইণ্ট সংগ্ৰহৰ জৰিয়তে এই অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাখনৰ দলীয় শাখাতো ৰূপৰ পদক অৰ্জন কৰে হৃদয়ে।

উল্লেখ্য যে, দিনদিয়েক পূৰ্বে কোৰিয়াত অনুষ্ঠিত আন্তঃৰ্জাতিক শ্বুটিঙত স্বৰ্ণ পদক জয়েৰে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল লখিমপুৰৰ হৃদয়ে। সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰ কুৱেইটতো উজলি উঠা হৃদয়ক অভিনন্দন জ্ঞাপন কৰিছে ক্ৰীড়াপ্ৰেমীসকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি