শ্বুটিঙত বিশ্ব চেম্পিয়নৰ স্বৰ্ণ জিনা ‘হৃদয়’ পাবহি অসম, নাই কোনো উম-ঘাম

শ্বুটিঙত বিশ্ব চেম্পিয়নৰ স্বৰ্ণ জিনা ‘হৃদয়’ পাবহি অসম, নাই কোনো উম-ঘাম

হিমাৰ পাছত ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল হৃদয়ে। ১৬ বছৰীয়া হৃদয়ে দক্ষিণ কোৰিয়াত স্বৰ্ণ পদক দখল কৰিলে শ্বুটিঙৰ বিশ্ব চেম্পিয়নশ্বিপত।হৃদয় কাইলৈ আহি পাবহি অসম। হৃদয়ৰ পিতৃ-মাতৃৰ সৈতে 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক'ৰ এক বিশেষ সাক্ষাৎকাৰ।

এইবাৰ হৃদয়ে জিনিলে ভাৰতবাসীৰ হৃদয়। দক্ষিণ কোৰিয়াত উজ্বলি উঠিল অসম সন্তান হৃদয় হাজৰিকা। বয়স তেওঁৰ ১৬। এই কম বয়সতে শ্বুটিঙত বিশ্ব পৰ্যায়ত  উজ্বলি উঠা হৃদয় আজি আহি আছে ভাৰত অভিমুখে। বেংককৰপৰা প্ৰায় ৭.৩০ বজাত দিল্লীমুখী বিমানত উঠিছে হৃদয়। দিল্লীতেই বাহৰ পাতি আছে হৃদয়ৰ পিতৃ-মাতৃয়ে। নিশা ডেৰ বজাত দিল্লীত পোৱাহি কথা হৃদয় হাজৰিকা।

এতিয়া হৃদয়ৰ পৰৱৰ্তী লক্ষ্য অলিম্পিক। সকলো ধৰণৰ প্ৰস্তুতি চলাইছে হৃদয়ে। তেওঁৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা আই এছ এছ এফ শ্বুটিং বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণজয়ৰে যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই আজুৰি আনিলে শ্ৰেষ্ঠত্ব।  লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ হাজৰিকা আৰু ইভা শইকীয়া হাজৰিকাৰ একমাত্র পুত্ৰ হৃদয়ে ৭ ছেপ্টেম্বৰত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ ইভেণ্টত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক লাভ কৰিছিল।

উল্লেখ্য যে হৃদয় হাজৰিকাই যোগ্যতা নিৰ্ণয়কাৰী খেলত ৬২৭.৩ পইন্ট লাভ কৰি ফাইনেল খেলত প্ৰবেশ কৰিবলৈ সক্ষম হয় । ফাইনেলত হৃদয়ে ০.১ পইন্টৰ ব্যৱধানত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে ইৰানৰ নিকুনাম আমিৰ নামৰ খেলুৱৈ গৰাকীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ হৃদয়ে জাৰ্মানীত অনুষ্ঠিত হোৱা জুনিয়ৰ বিশ্ব কাপ শ্বুটিং প্ৰতিযোগিতাৰ ব্যক্তিগত আৰু দলীয় শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে জাৰ্মানীৰ শ্ব'কু চহৰত অনুস্থিত জুনিয়ৰ আই এছ এছ এফ ৱৰ্ল্ড কাপ শ্বুটিং প্ৰতিযোগিতাত ব্যক্তিগত আৰু দলীয় শাখাত সোনৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল ৷

হৃদয়ৰ এই সফলতাই দেশবাসী, ৰাজ্যবাসীৰ লগতে সুখী কৰিছে তেওঁৰ পিতৃ-মাতৃক। পুত্ৰৰ অপেক্ষাত দিল্লীত থকা পিতৃ-মাতৃৰ সৈতে কথা পাতিছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ অভিনন্দন। হৃদয়ৰ সফলতাৰ বাবে আপোনালোক দুয়োকে এই অভিনন্দন।

হৃদয়ৰ পিতৃ-মাতৃঃ ধন্যবাদ।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ হৃদয় কেতিয়া দিল্লী পাবহি?

(পিতৃ) ড০ শৰৎ হাজৰিকাঃ আজি অলপ আগতে অৰ্থাৎ ৭.৩০ মান বজাত সি জনাইছে বেংককৰ পৰা দিল্লীমুখী হোৱা বুলি। নিশা ডেৰ মান বজাত দিল্লী পাবহি।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ প্ৰথম কেনেকৈ হৃদয়ে শ্বুটিঙৰ ক্ষেত্ৰখনত ভৰি দিছিল?

ড০ শৰৎ হাজৰিকাঃ সেয়া ২০১৩চনৰ কথা আছিল। লখিমপুৰ শংকৰদেৱ মহাবিদ্যালয়ত শ্বুটিং ৰেঞ্জ খুলিছিল। তালৈ তাক লৈ গৈছিলো। তাতেই শ্বুটিঙৰ আদিপাঠ লৈছিল হৃদয়ে। ২০১৪চনত প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈছিল। সেইবাৰ ছিলেকশ্যন ট্ৰায়েলৰ কুৱালিফিকেশ্যনলৈ নিৰ্বাচিত হৈছিল।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ তাৰ পাছত কেনেদৰে আগবাঢ়িছিল হৃদয়ৰ শ্বুটিং অনুশীলন?

ড০ শৰৎ হাজৰিকাঃ অনুশীলন চলি আছিল। দিনটোত সি গড়ে ৫ ঘণ্টাকৈ প্ৰেকটিছ কৰে। ২০১৫চনত হৃদয়ে কেৰালাত অনুষ্ঠিত ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লৈছিল। সেই বছৰে ১৮ অনূৰ্ধ্ব কে এছ এছ চেম্পিয়নশ্বীপত সোণৰ পদক লাভ কৰিছিল। তাৰ পাছত ২০১৫চনত এছিয়ান এয়াৰগান চেম্পিয়নশ্বীপত ব্ৰঞ্জৰ পদক লাভ কৰে। এই প্ৰতিযোগিতা ইৰাণৰ তেহৰানত হৈছিল।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ পৰ্যায়ক্ৰমে হৃদয় আগবাঢ়ি গৈছিল। নাৰায়ণপুৰত থাকি শ্বুটিঙৰ প্ৰশিক্ষণ সম্ভৱ হৈছিলনে?

ড০ শৰৎ হাজৰিকাঃ নাৰায়ণপুৰৰ হৃদয়ে গুৱাহাটীলৈ গুচি আহিছিল। গুৱাহাটীত ৪ এপিবিএনৰ শ্বুটিং ৰেঞ্জত প্ৰশিক্ষণ লৈছিল। তাত হৃদয়ে প্ৰশিক্ষকৰূপে পাইছিল দিপক কুমাৰ ডুবে ছাৰক। তেখেত বৰ্তমান জুনিয়ৰ শ্বুটিং দলৰ প্ৰশিক্ষক। পৰ্যায়ক্ৰমে হৃদয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলবোৰ খেলি গ'ল। হৃদয়ে ২০১৮চনত দিল্লীলৈ আহিবলগা হ'ল। বৰ্তমান ইয়াতেই থাকে আৰু ড০ কৰণি সিং শ্বুটিং ৰেঞ্জত প্ৰেকটিছ কৰে। দিপক কুমাৰ ডুবেয়ে এতিয়া তাৰ সকলোখিনি চায়। দিল্লীত এই শ্বটিঙৰ প্ৰশিক্ষণৰ বাবে মাকৰ সৈতে হৃদয় থাকে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আৰু কি কি প্ৰতিযোগিতাত হৃদয়ে এতিয়ালৈকে অংশগ্ৰহণ কৰিছে?

ড০ শৰৎ হাজৰিকাঃ ২০১৭চনত দিল্লীত অনুষ্ঠিত মাষ্টাৰ চেম্পিয়নশ্বীপ (এছ এছ এছ)ত ছিনিয়ৰ, জুনিয়ৰ আৰু য়ুথ তিনিওটা শাখাতে হৃদয়ে সোণৰ পদক লাভ কৰিছিল। সেই বছৰে নতুন দিল্লীত ছিনিয়ৰ ৱৰ্ল্ড কাপত অংশ লৈছিল। তাৰ পাছত পুণেত অনুষ্ঠিত  জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বীপত চেম্পিয়ন হৈছিল। সেই বছৰে জাপানত অনুষ্ঠিত দশম এছিয়ান এয়াৰগান চেম্পিয়নশ্বীপত টীম ইভেণ্টত সোণৰ পদক পাইছিল। ২০১৮ত জাৰ্মানীৰ শ্বুল চহৰত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড কাপত ব্যক্তিগত শাখাত সোণৰ পদক পায়। দলীয় শাখাতো সোণৰ পদক পাইছিল আৰু হৃদয়ে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। ২০১৮ৰ জুলাইত জাৰ্মাণীত ১৫দিনৰ প্ৰশিক্ষণো লৈছিল হৃদয়ে। ছেক গণৰাজ্যত এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ ব্যক্তিগত আৰু দলীয় শাখাত ব্ৰঞ্জৰ লগতে মিক্সত ৰূপৰ পদক লাভ কৰিছিল। তাৰপাছত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা আই এছ এছ এফ শ্বুটিং বিশ্ব চেম্পিয়নশ্বিপত হৃদয়ে স্বৰ্ণ পদক লাভ কৰিলে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ সঁচাই এক বিৰল কৃতিত্ব এয়া। হৃদয়ে এই খবৰ আপোনাক যেতিয়া দক্ষিণ কোৰিয়াৰ পৰা দিছিল আৰু কি কৈছিল সেই মুহূৰ্তত?

ড০ শৰৎ হাজৰিকাঃ বৰ সুখেৰে সি খবৰটো দিছিল। দেউতা মই গল্ড পালো বুলি কৈছিল।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ ভৱিষ্যতৰ লক্ষ্য কি হৃদয়ৰ?

ড০ শৰৎ হাজৰিকাঃ চেষ্টা কৰি যাব। আৰু যাতে ভাল খেলিব পাৰে। অভিনৱ বিন্দ্ৰা তাৰ প্ৰিয় খেলুৱৈ। আদৰ্শৰ ব্যক্তি। সপোন তাৰ আছে। চাও কি হয়।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাইছে নেকি?

ড০ শৰৎ হাজৰিকাঃ সপোন সকলোৰে থাকে। মাজত দুবছৰ আছে। চেষ্টা কৰিব। কি হয় সময়ে ক'ব।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ এই খেলৰ বাবে যথেষ্ট টকা-পইচাৰ প্ৰয়োজন।

ড০ শৰৎ হাজৰিকাঃ নিশ্চয়। হৃদয় অৱশ্যে মুম্বাইৰ এটা 'অলিম্পি গল্ড কুৱেষ্ট' চমুকৈ অজিকিউ নামৰ বেচৰকাৰী সংস্থা এটাই যথেষ্ট সহায় কৰিছে। যিটো সংগঠনৰ সৈতে কেবাজনো অলিম্পিয়ান তথা বিশিষ্ট খেলুৱৈ জড়িত হৈ আছে। বিশ্বনাথ আনন্দ, প্ৰকাশ পাডুকান আদি খেলুৱৈসকলে এই এন জি অ'টো গঢ় দিছে। তেওঁলোকৰ উদ্দেশ্য- দেশৰ প্ৰতিভাৱান খেলুৱৈসকলক সহযোগ কৰাৰ। অসমৰ শিৱ থাপা, মেৰি কমকে ধৰি খেলুৱৈসকলক তেওঁলোকে বিভিন্ন ধৰণে সহায়-সহযোগ কৰে। হৃদয়ৰো সকলো দিশ চোৱাচিতা কৰে এই বেচৰকাৰী সংস্থাটোৱে। গতিকে বিদেশত বা আন আন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লোৱা সময়ত সকলো দিশ তদাৰক কৰে অজিকিউৱে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ অসমলৈ কেতিয়া আহিব হৃদয়?

ড০ শৰৎ হাজৰিকাঃ আজি ৰাতি ডেৰ বজাত দিল্লী পাবহি। কাইলৈ ১১ বজাত আমি দিল্লীৰ পৰা যাম, ডেৰ মান বজাত গুৱাহাটী পামগৈ।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ হৃদয়ৰ সৈতে আপুনি যথেষ্ট ত্যাগ কৰিছে। হৃদয়ে এই সফলতাৰ আঁৰত সেই ত্যাগ জড়িত হৈ আছে।

(মাতৃ) ইভা হাজৰিকাঃ যিখিনি পাৰো কৰিছো। মই শিক্ষয়িত্ৰী আছিলো। ইয়াৰ বাবেই চাকৰিটো যোৱা বছৰ এৰি দিছো। ই যি সপোন দেখিছে, তাক সাৰ্থক কৰাৰ বাবে কৰণীয় কৰিবলৈ চেষ্টা কৰিছো। সৰুৰে পৰা যথেষ্ট আগ্ৰহী আছিল ই শ্বুটিঙৰ প্ৰতি। কাঠৰ এটা বন্দুক বনাই দিছিল। সেইটোকে লৈ আৰ্মী কাপোৰ পিন্ধি দেউতাকৰ সৈতে খেলিছিল। গাঁৱত মেলা হ'লে বন্দুকেৰে বেলুন ফুটাই ভাল পাইছিল। দিল্লীত এতিয়া মই তাৰ লগতে থাকো। বৰ্তমান সি দশম শ্ৰেণীৰ ছাত্ৰ। ছাউথ পইণ্ট স্কুলত অধ্যয়নৰত। এই বছৰ এদিনহে স্কুললৈ যাবলৈ সময় পাইছে। অনুশীলনত যথেষ্ট সময় দিব লগা হয়। মই নোটবোৰ আনি গোটাই থৈছো। তাক কৈছে- আজৰি পালেই তুমি এইখিনি পঢ়িবা। পঢ়া-শুনাৰ প্ৰতি মন দিব পৰা নাই বেছি। কেইটামান টিউশ্যনো দিছো। কিন্তু সময়ৰ বৰ অভাৱ তাৰ। চাও কি হয়।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ ধন্যবাদ আপোনালোকে ইমান সময় দিয়াৰ বাবে। আমি আশা কৰো হৃদয় আগবাঢ়ি যাওঁক আৰু।

হৃদয়ৰ পিতৃ-মাতৃঃ ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in