বিশাল অন্তৰৰ পৰিচয় দি হিমাৰ নামত স্বৰ্ণ পদক উৎসৰ্গা কিশোৰ হৃদয়ৰ

বিশাল অন্তৰৰ পৰিচয় দি হিমাৰ নামত স্বৰ্ণ পদক উৎসৰ্গা কিশোৰ হৃদয়ৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমত আহি উপস্থিত হোৱাৰ পিছেত ৰাজ্য চৰকাৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আই এছ এছ এফ বিশ্ব জুনিয়ৰ শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা হৃদয় হাজৰিকাক।

দিনৰ প্ৰায় ১.৪০ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে হৃদয়ক আদৰণি জনায় শক্তিমন্ত্ৰী তপন গগৈ আৰু যুৱ কল্যাণ দপ্তৰৰ সদস্য সচিব লক্ষ্য কোঁৱৰে।

ইয়াৰ পিছতে স্বৰ্ণজয়ী শ্বুটাৰগৰাকী পাঞ্জাবাৰীৰ শিল্পগ্ৰামত ৰাজ্য চৰকাৰে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হয়। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগেত ৰাজ্যৰ কেবাগৰাকী মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাই হৃদয়ক আশীৰ্বাদ দিবলৈ ৰাজ্যবাসীক আহ্বান জনায়। হিমা আৰু হৃদয়ক অসমৰ বাহিৰত ৰাখি প্ৰশিক্ষণ প্ৰদান কৰিবলৈকো আহ্বান জনায় প্ৰবীণ ক্ৰীডাবিদগৰাকীয়ে।

জ্যেষ্ঠ ক্ৰীড়া সংবাদিক প্ৰেমধৰ শৰ্মায়ো অনুষ্ঠানত ভাষণ আগবঢ়ায়। ক্ৰীড়াৰ ক্ষেত্ৰত অসমত বহু নতুন প্ৰতিভাৰ জন্ম হোৱাত তেওঁ সন্তুষ্টি ব্যক্ত কৰে। ৰাজ্য চৰকাৰক এইসকল প্ৰতিভাৱান ক্ৰীড়াবিদক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অধিক সুবিধা প্ৰদান কৰিবলৈকো আহ্বান জনায় জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকগৰাকীয়ে।

সম্বৰ্ধনা অনুষ্ঠানত ভাষণ প্ৰদান কৰি হৃদয়ৰ পিতৃ আৱেগিক হৈ পৰে। পুত্ৰৰ পৰা যে এনে সন্মান লাভ কৰিব সেয়া সপোনতো ভবা নাছিল বুলি উল্লেখ কৰি কয় যে সৰুৰে পৰা হৃদয়ে শ্বুটিঙৰ প্ৰতি আকৰ্ষিত হৈছিল। '৩ বছৰ বয়সতে হৃদয়ে বৰ্ডাৰ চিনেমাখন চাইছিল। এতিয়ালৈকে সি ১০০০ বাৰ চিনেমাখন চাইছে। বৰ্ডাৰ চিনেমাখনেই তাক শ্বুটিঙৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল।'-নাৰায়ণপুৰৰ মেলাত ১০ টকা দি এয়াৰ ৰাইফল লৈ শ্বুটিং কৰাৰ স্মৃতি ৰোমন্থন কৰি এইদৰে কয় পিতৃ শৰৎ হাজৰিকাই।

পিতৃৰ ভাষণৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হৃদয়ক শুভেচ্ছা জ্ঞাপন কৰি নিজৰ ভাষণ আৰম্ভ কৰি কয় যে অসমত শান্তি স্থাপনৰ বাবেই ক্ৰীড়া ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিছে। হৃদয়ে অসমবাসীৰ হৃদয় জিনিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। অনাগত দিনত যাতে ৰাজ্যখনৰ পৰা আৰু অধিক শ্বুটাৰ আন্তৰ্জাতিক ক্ষেত্ৰখনলৈ ওলাই যাব পাৰে তাৰ বাবে এটা উন্নত মানৰ শ্বুটিং ৰেঞ্জ স্থাপন কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে স্বৰ্ণজয়ী হৃদয়ক গামোছা, শৰাই, জাপি, অভিনন্দন পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুযায়ী ২৫ লাখ টকাৰ চেক প্ৰদান কৰে।

সম্বৰ্ধনা গ্ৰহণ কৰি ইংৰাজীতে ভাষণ প্ৰদান কৰি হৃদয়ে কয় যে নাৰায়ণপুৰৰ দৰে সৰু চহৰ এখনৰ পৰা অযুত সপোন লৈ তেওঁ ওলাই আহিছে। এই যাত্ৰাত আৰু বহুদূৰ বাট যাবলৈ বাকী আছে বুলি কৈ তেওঁ ৰাজ্যবাসীৰ আশীষ আৰু শুভকামনা আশা কৰে। হৃদয়ে বিশাল অন্তৰৰ পৰিচয় দি কোৰিয়াত জয় কৰা স্বৰ্ণ পদক হিমাৰ নামত উৎসৰ্গা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in