শেহতীয়া খবৰ
ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  এটা দামী মোবাইলৰ বাবে সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী মাতৃৰ  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক  •  বৰপেটাত হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অপৰাধত ৩ যুৱকক আটক  •  নগাঁৱৰ আকৌ বিদ্যুৎ বিভাগৰ অৱহেলা! পানীগাঁও চাৰিআলিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, চাওঁক VIDEO  •  লংকাৰ গংগা হোটেলত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

কোৰিয়াত বিশ্ব শ্বুটিঙত স্বৰ্ণ জয়ৰে উজলিল অসমৰ হৃদয়

263

ডিজিটেল সংবাদ, উত্তৰ অসমঃ হিমা দাসৰ সাফল্যৰ মাজতে অসমলৈ আহিছে আন এক সু-খবৰ। আন্তৰ্জাতিক প্ৰেক্ষাপটত জিলিকি উঠিছে আন এগৰাকী অসম সন্তান হৃদয় হাজৰিকা।

দক্ষিণ কোৰিয়াত অনুষ্ঠিত ৫২ সংখ্যক আই এছ এছ এফ বিশ্ব জুনিয়ৰ শ্বুটিং চেম্পিয়নশ্বিপৰ ১০মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী অসম সন্তান হৃদয়। ফাইনেলত তেওঁ ইৰাণৰ শ্বুটাৰ আমিৰ মহম্মদক ০.১ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।

হৃদয়ে জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা জুনিয়ৰ বিশ্ব কাপ শ্বুটিং প্ৰতিযোগিতাতো স্বৰ্ণ পদক অৰ্জন কৰিছিল। হৃদয়ে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৪টা সোণৰ ১টা ৰূপৰ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। নাৰায়ণপুৰৰ সন্তান হৃদয়ৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে নাৰায়ণপুৰবাসী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি