শেহতীয়া খবৰ
জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...  •  ছিডনীত ভাৰতনাট্যম উপভোগ কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে, চাওঁক VIDEO

দক্ষিণ কোৰিয়াত হৃদয়ৰ খেল চাবলৈ গৈছিল অভিনৱ বিন্দ্ৰা!

526

ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াত অনুষ্ঠিত আই এছ এছ এফ শ্বুটিং বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা হৃদয় হাজৰিকা নিশা ডেৰ বজাত আহি উপস্থিত হয়হি দিল্লীত। আজি পুৱা ১১বজাত পিতৃ-মাতৃৰ সৈতে অসমলৈ ৰাওনা হৈছে হৃদয়।

বিমান বন্দৰৰ পৰাই ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কৰ সৈতে হোৱা বাৰ্তালাপত হৃদয়ে দক্ষিণ কোৰিয়াত লাভ কৰা অভিজ্ঞতাৰ কথা সদৰী কৰে। বৰ সুন্দৰ অভিজ্ঞতাৰে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰি স্বৰ্ণ জয় কৰা হৃদয়ে ক’লে- ‘দক্ষিণ কোৰিয়াত যথেষ্ট কথা শিকিলো। অভিনৱ বিন্দ্ৰাকো লগ পাইছিলো। তেখেতে আমাৰ খেল চাবলৈ গৈছিল। মোক তেখেতে এনেকৈয়ে খেলি যাবলৈ প্ৰেৰণা দিলে।’

ইয়াৰ পাছত নবেম্বৰত কোৱেইট চহৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাৰ বাবে নিজকে প্ৰস্তুত বুলি জনালে হৃদয়ে। ৭দিনৰ বাবে অসমলৈ আহিছে তেওঁ। ২০ ছেপ্টেম্বৰত হৃদয় পুনৰ ঘূৰি যাব দিল্লীলৈ। দিল্লীতেই এতিয়া হৃদয়ে নিয়মীয়া অনুশীলন অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি