নগাঁও কাগজ কলৰ লগতে মৃত্যুৰ দুৱাৰডলিত এইছ পি চি এল হাস্পতাল

নগাঁও কাগজ কলৰ লগতে মৃত্যুৰ দুৱাৰডলিত এইছ পি চি এল হাস্পতাল
♦ ৰাজ্যৰ এখন চিকিৎসালয়। এই চিকিৎসালয়খনত এতিয়া মৰিশালিৰ নিস্তব্ধতা। তাৰ মাজতে 'এদিন নহয় এদিন কিবা এটা হ'বই' এই আশা লৈ এতিয়াও চিকিৎসালয়খনলৈ আহে নাৰ্ছকেইগৰাকী। আহিয়েই ছিৰিঞ্জৰ পৰিৱৰ্তে হাতত তুলি লয় উল। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ এইছ পি চি এল চিকিৎসালয়ত বিৰাজ কৰা এনে পৰিৱেশক লৈ পলাশজ্যোতি গগৈৰ বিশেষ প্ৰতিবেদনঃ

ছিৰিঞ্জ নহয়, চিকিৎসালয়খনৰ নাৰ্ছৰ হাতত আছে উল। ঠাণ্ডা পৰিবলৈ বেছিদিন নাই। সেয়ে উল গুঠাত ব্যস্ত তেওঁলোক। ৰোগীক শুশ্ৰূষা কৰাৰ পৰিৱৰ্তে উল গুঠাত ব্যস্ত নাৰ্ছকেইগৰাকীক জবাবদিহি কৰিবলৈ কাৰোৰে সাধ্য নাই। স্বয়ং মুখ্যমন্ত্ৰীয়েও তেওঁলোকক উলৰ পৰিৱৰ্তে হাতত ছিৰিঞ্জ ল'বলৈ বাধ্য কৰাব নোৱাৰে।

উলৰ পৰিৱৰ্তে হাতত ছিৰিঞ্জ ল'বলৈ বাধ্য কৰোৱাৰ পূৰ্বে চৰকাৰে তেওঁলোকক আদায় দিব লাগিব ১৯ মাহৰ দৰমহা। ইমানেই নহয়, জীয়াই তুলিব লাগিব মৃত্যুৰ গৰাহত পৰা এটা উদ্যোগ। পিছে সেই সৎ সাহস চৰকাৰৰ নাই। চৰকাৰৰ ভুল নীতিৰ বাবেই জাগীৰোডস্থিত নগাঁও কাগজ কলৰ চিকিৎসালয়ত এতিয়া নাৰ্ছে হাতত ছিৰিঞ্জৰ পৰিৱৰ্তে তুলি লৈছে উল।

এইছ পি চি এল চিকিৎসালয়। নগাঁও কাগজ কল স্থাপিত হোৱাৰ সময়তে সেই স্থানত নিৰ্মাণ কৰা হৈছিল চিকিৎসালয়খন। সমগ্র জাগীৰোড অঞ্চলৰ লোকসকলৰ আশা-ভৰসা আছিল এইখন চিকিৎসালয়। অস্ত্ৰোপচাৰ কক্ষৰ পৰা ঔষধলৈকে একোৰে অভাৱ নাছিল চিকিৎসালায়খনত। এতিয়া চিকিৎসালয়খনত নিমাওমাও পৰিৱেশ।

মাজে মাজে দুই এগৰাকী কৰ্মচাৰী আহে। নাৰ্ছ কেইগৰাকীয়ে উল গুঠে। সময় পালে এপাক মাৰে চিকিৎসক ৩জনে। বাকীসকল কৰ্মচাৰীয়েও নিজৰ কোনো কাম কৰি কিছুসময় থাকি ঘৰমুৱা হয়।

'কাগজ কলটো বন্ধ হোৱাৰ পাছতে আমি বহুত কষ্টৰে দিন পাৰ কৰিছো। দুবেলা দুমুঠি সুন্দৰকৈ খাই আছিলো। দৰমহা পাইছিলো। এতিয়া একো নাই। আমি পূৰ্বে কামলৈ আহোতে ইউনিফৰ্ম পিন্ধি আহিছিলো। এতিয়াও আমি সদায় আহো। কিন্তু সেই আগৰ দিন নাই। ডাক্তৰৰ ওচৰলৈ ৰোগী নাহে। ঔষধ, সা-সুবিধা সকলো নোহোৱা হৈ যোৱাৰ বাবে এনে হৈছে। এনেকৈ থকাতকৈ নথকাই ভাল।' -শেতা পৰা মুখখনেৰে এগৰাকী কৰ্মচাৰীৰ আক্ষেপ।

কিছুদিন আগতে জি এন আৰ চিয়ে চিকিৎসালায়খন চলোৱাৰ কথা ওলাইছিল। পিছে সেয়াও হৈ নুঠিল। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক সঠিক মূল্যত গতাই দিয়া হলে অন্ততঃ কৰ্মচাৰীসকলে দুপইচা পালেহেঁতেন। ২৬টাকৈ পৰিয়াললৈ হাঁহি ঘুৰি আহিল হেতেন। চিকিৎসাৰ অভাৱত ভোগা লোকসকলে চিকিৎসা পালেহেঁতেন। আন বহুতৰ দৰে এনেকৈয়ে ভাবে চিকিৎসালয়খনত কৰ্মৰত কৰ্মচাৰীসকলেও।

এনেদৰে বিভাগীয় কৰ্তৃপক্ষৰ মনোযোগিতাৰ অভাৱত ক্ৰমাৎ জহি-খহি গৈছে চিকিৎসালয়খন। ধূলি-মাকতিৰে ঢাক খাই পৰিছে ৰোগীৰ বাবে থকা বিছনাকে আদি কৰা সকলোধৰণৰ আচবাব। ঔষধ বিতৰণ কক্ষত মকৰাৰ জাল। ঔষধৰ স্থানত এন্দুৰ-নিগনি, পইতাচোৰাৰ বাঁহ। চিকিৎসকৰ কোঠাত এটা প্ৰকাণ্ড তলা। এক্স ৰে কক্ষত পৰি আছে যন্ত্ৰবোৰৰ ভগ্নাৱশেষ। অস্ত্ৰোপচাৰ কক্ষত মৰিশালিৰ নিস্তব্ধতা।

১৯ মাহ ধৰি তেওঁলোকৰ দৰমহা নাই। তথাপি আশাবাদী তেওঁলোক। এদিন সলনি হ'ব সময়, ঘূৰি আহিব সুদিন। পুনৰ প্ৰাণ পাই উঠিব চিকিৎসালয়খন। ৰোগী আহিব। চিকিৎসকে লিখি দিব ঔষধ-বেজী আৰু নাৰ্ছ কেইগৰাকীয়ে উল এৰি হাতত তুলি ল'ব ছিৰিঞ্জ।

মাহৰ পিছত মাহ বাগৰিছে। চৰকাৰেও দি গৈছে প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি। পিছে চিকিৎসালয়খনলৈহে ঘূৰি অহা নাই আগৰ পৰিৱেশ। এনে পৰিপ্ৰেক্ষিতত এতিয়া অন্ধকাৰৰ বাদে আন একোৱেই নাই এসময়ত বহুতকে চিকিৎসা আৰু সেৱা-শুশ্ৰূষাৰে জীৱন দান কৰা চিকিৎসালয়খন চিকিৎসক-নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীসকলে।

কাগজ কলটো পুনৰুজ্জীৱিত কৰিবলৈ বহুবাৰ ৰাজপথত প্ৰতিবাদো সাব্যস্ত কৰিছে চাকৰি হেৰুৱাই সৰ্বস্বান্ত কৰ্মচাৰীসকলে। কিন্তু প্ৰতিবাদ প্ৰতিবাদ হৈয়ে ৰ'ল। শেহতীয়াকৈ কাগজ কলটো পুনৰুজ্জীৱিতকৰণৰ পৰিৱৰ্তে চলিছে ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ যো-জা। আচৰিত ধৰণে ৫০০০ কোটি টকা মূল্যৰ কাগজ কলটো চৰকাৰে ব্যক্তিগত খণ্ডক গতাবলৈ ওলাইছে মাত্ৰ ৭৫০ কোটি টকাত।

একাধিক প্ৰতিবাদৰ পিছতো চৰকাৰে নিজৰ স্বাৰ্থ সিদ্ধিতহে উঠি পৰি লগাত কাগজ কলটোৰ আন কৰ্মচাৰীসকলৰ দৰেকৈ স্বাভাৱিকতে হতাশ হৈ পৰিছে চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰী আৰু নাৰ্ছকেইগৰাকী। সেয়ে অনাগত শীতৰ কথা ভাবি এতিয়াৰে পৰা ভগ্ন চিকিৎসালয়খনত বহি হাতত উল লৈ সন্তানৰ বাবে ছুৱেটাৰ গুঠাত ব্যস্ত ছিৰিঞ্জ লৈ ভাল পোৱা নাৰ্ছকেইগৰাকী।

'ইমান দিনে দা-দৰমহা নাই। কিন্তু কিবা এটা আশা লৈ আজিও আহি আছো। আহিনো কৰিম কি? ইয়ালৈ আহিলে এতিয়া ভাল মানুহো মৰিলেহে হ'ব। পূজাত ল'ৰা-ছোৱালীক কাপোৰ দিবলৈ হাতত ফুটাকড়ি এটাও নাই। পূজা গ'লেই ঠাণ্ডা পৰিব। কোনোমতে উল অলপ আনিছো। তাৰেই এতিয়া ল'ৰা-ছোৱালীহালৰ বাবে ছুৱেটাৰ গুঠিছো। বজাৰত ছুৱেটাৰৰ দাম বহুত।'- এইদৰে কয় এতিয়াও হাতত ছিৰিঞ্জ তুলি লোৱাৰ আশা পুহি ৰখা এগৰাকী নাৰ্ছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in