আমেৰিকাত মোডীক আদৰিবলৈ ‘হাউডী মোডী’ অনুষ্ঠানৰ আয়োজন, একেখন মঞ্চতে উপস্থিত থাকিব ডোনাল্ড ট্ৰাম্প

আমেৰিকাত মোডীক আদৰিবলৈ ‘হাউডী মোডী’ অনুষ্ঠানৰ আয়োজন, একেখন মঞ্চতে উপস্থিত থাকিব ডোনাল্ড ট্ৰাম্প

ডিজিটেল ডেস্কঃ সপ্তাহজোৰা কৰ্মসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দেওবাৰে একে মঞ্চত উপৱিষ্ট হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ টেক্সাছৰ এন আৰ জি ষ্টেডিয়ামত আয়োজিত 'হাউডী মোডী' অনুষ্ঠানত একেখন মঞ্চত উপস্থিত থাকিব ডোনাল্ড ট্ৰাম্প।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণক লৈ ইতিমধ্যে আমেৰিকাৰ ৰাজপথত ডাঙৰ ডাঙৰ হৰ্ডিং লগোৱাও প্ৰত্যক্ষ হৈছে।

আনহাতে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাতৰ পিছতে সোমবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানকো সাক্ষাৎ কৰিব ডোনাল্ড ট্ৰাম্পে। তাৰ পিছতে মঙলবাৰে পুনৰ নিউয়ৰ্কত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে এক বৈঠকত মিলিত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী।

চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ ৭৪ সংখ্যক অধিবেশনত ভাৰত আৰু পাকিস্তানৰ নেতাৰ সৈতে নিউয়ৰ্কত আলোচনাত মিলিত হ'ব ডোনাল্ড ট্ৰাম্প। ইয়াৰ পূৰ্বে হষ্টনৰ হাউডী মোডী অনুষ্ঠানত ভাৰত-আমেৰিকাৰ নেতা দুগৰাকীয়ে ৫০ হাজাৰৰো অধিক ভাৰতীয় মূলৰ আমেৰিকান নিৱাসীক সম্বোধন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in