পহিলা বহাগৰ দিনা মাওবাদীৰে সংঘৰ্ষত কেনেদৰে ছহিদ হৈছিল ওদালগুৰিৰ বিশ্বজিৎ, পঢ়ক সবিশেষ খবৰ

পহিলা বহাগৰ দিনা মাওবাদীৰে সংঘৰ্ষত কেনেদৰে ছহিদ হৈছিল ওদালগুৰিৰ বিশ্বজিৎ, পঢ়ক সবিশেষ খবৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ পহিলা ব'হাগৰ পুৱাই ওদালগুৰিবাসীৰ বাবে আহিল এক দুঃখবৰ। পুনৰ বহিঃৰাজ্যত ছহিদ হ'ল অসমৰ ওদালগুৰি জিলাৰ এগৰাকী বীৰ-সন্তান। ঝাৰখণ্ডত চিআৰপিএফ জোৱান হিচাপে কৰ্মৰত অৱস্থাত থকা ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ কমল চৌহানৰ জ্যেষ্ঠ পুত্ৰ বিশ্বজিৎ চৌহান(২৪) সোমবাৰে পুৱা প্ৰায় ৬ বজাত মাওবাদীৰ হাতত ছহিদ হ'বলগীয়া হয়।

ঝাৰখণ্ডৰ ৰাচীৰ পৰা প্ৰায় ১৮৫ কিলোমিটাৰ নিলগৰ গিৰিদিহ জিলাৰ ভেলভা ঘাট বনাঞ্চলত সোমবাৰে পুৱতি নিশা মাওবাদীৰ বিৰুদ্ধে চিআৰপিএফৰ সপ্তম বেটেলিয়নে চলাইছিল এক অভিযান। পুৱতি নিশা চিআৰপিএফৰ জোৱানে ঘন অৰণ্যৰ মাজত থকা মাওবাদীৰ শিৱিৰত এই অভিযান চলাইছিল। উক্ত অভিযানৰ সময়ছোৱাত দুয়োপক্ষৰ মাজত চলিছিল প্ৰচণ্ড গুলিয়াগুলী। অভিযানৰ অন্তত তিনিগৰাকী মাওবাদী নিহত হোৱাৰ বিপৰীতে ছহিদ হৈছিল বিশ্বজিৎ চৌহান(২৪) নামৰ এজন জোৱান।

অভিযানস্থলীৰ পৰা নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰিছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, পাইপ বোমা আৰু সজীৱ গুলী। অভিযানত ছহিদ হোৱা জোৱানজনৰ ঘৰ আছিল অসমৰ ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী গাঁৱত। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা পিতৃ কমল চৌহান আৰু মাতৃ ফুলকুমাৰী দেৱীৰ সন্তান ছহিদ বিশ্বজিৎ চৌহানৰ জন্ম হৈছিল ১৯৯৩ চনৰ ২৭ নৱেম্বৰত।৪ বছৰ বছৰ পূবে চাকৰিত যোগদান কৰিছিল ছহিদ বিশ্বজিতে।

সোমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত স্থানীয় কলাইগাওঁ আৰক্ষীৰ জৰিয়তে পৰিয়ালৰ লোকে ছহিদ হোৱা খবৰটো লাভ কৰাৰ লগে লগে পৰিয়াল তথা গাওঁখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বিভিন্ন জনে আহি ছহিদগৰাকীৰ বাসভৱনত ভিৰ কৰা পৰিলক্ষিত হয়। ইফালে ছহিদগৰাকীৰ নশ্বৰ দেহ সোমবাৰে নিশা প্ৰায় এক বজাত পুঠিমাৰীস্থিত নিজ বাসগৃহ আহি পায়হি। নিথৰ দেহটি আহি পোৱাৰ পাছত বিভিন্নজনে পুষ্পাঞ্জলি অৰ্পণ কৰে।

মঙলবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত নিজ বাসগৃহৰ কিছু নিলগত সামৰিক মৰ্যাদাৰে কেবাজাঁই টোপধ্বনিৰে ছহিদগৰাকীৰ প্ৰতি জিলা প্ৰশাসন, আৰক্ষী বিভাগৰ লগতে চিআৰপিএফৰ বিষয়াই সন্মান প্ৰদৰ্শন কৰে। শেষকৃত্যস্থলীত উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষক লংণিত টেৰঙে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি কয় যে, বীৰ ছহিদগৰাকীয়ে যি বাট দেখুৱাই গৈছে সেই বাটেৰে আমি সকলোৱে আগবাঢ়িব লাগে। বিশ্বজিৎ চৌহান সমগ্ৰ দেশৰ বাবেই গৌৰৱ। তেওঁৰ এই ত্যাগ কেতিয়াও বিফলে নাযায়। আনহাতে কেইবাজনো চিআৰপিএফ বিষয়া শেষকৃত্যস্থলীত উপস্থিত থাকি কয় যে, ছহিদগৰাকীৰ পৰিয়ালটোৰ বাবে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in