অসম আৰক্ষীত ২০৯ কোভিড পজিটিভ, ৯৫০ বিষয়া-জোৱান আছে কোৱাৰেন্টাইনত, কেনেকৈ চলিছে আইন-শৃংখলা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোভিড-১৯ত আক্ৰান্ত ৰাজ্যৰ ২০৯জন অসম আৰক্ষীৰ বিষয়া-জোৱান। অৱশ্যে ইয়াৰে ১৭৮ জন ইতিমধ্যে চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে। আনহাতে ৯৫০ জন বিষয়া-জোৱান আছে হোম কোৱাৰেন্টাইনত। লক্ষণীয় কথাটো হ'ল বৰ্তমানো চিকিৎসাধীন হৈ থকা ১৭১ জন বিষয়া-জোৱানৰ ভিতৰৰে ১৪১ জনেই গুৱাহাটী মহানগৰীৰ। এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতেই বৃহৎ সংখ্যক কন্টেইনমেন্ট জ'নেৰে ভৰি পৰা গুৱাহাটী মহানগৰীৰ কোভিড প্ৰতিৰোধী বিভিন্ন অভিযানৰ দিশ চম্ভালি থকাৰ ক্ষেত্ৰত বহু কঠিন পৰিস্থিতিৰ মাজত কৌশলপূৰ্ণ ভাৱে কাৰ্যনিৰ্বাহ কৰিবলগা হৈছে অসম আৰক্ষীয়ে।

বিশেষকৈ লকডাউন কবলীত গুৱাহাটীৰ লগতে অন্যান্য জিলাৰ আইন শৃংখলাৰ সমস্যা আৰু বৃহৎ সংখ্যক বিষয়া-জোৱান কোৰোনাত আক্ৰান্ত বা কোৱাৰেন্টাইনত থাকিব লগা হোৱা পৰিস্থিতিৰ সুযোগ লৈ যাতে জেহাদী বা উগ্ৰপন্থী গোটে সুযোগ গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবেও অধিক সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে।

অৱশ্যে এই সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে জানিবলৈ দিয়া মতে, এনে এক পৰিস্থিতিৰ আশংকা পূৰ্বৰে পৰা থকাৰ ভিত্তিতেই ইয়াক চম্ভালি লোৱাৰ বাবে অনুসংগিক পৰিপূৰক ব্যৱস্থাও পূৰ্বেই গ্ৰহণ কৰা হৈছিল। এনে পৰিপ্ৰেক্ষিততেই সমগ্ৰ ৰাজ্যতে বান, কোৰোনাক লৈ অতি জটিল পৰিস্থিতি চলি থাকিলেও আৰক্ষীৰ বাবে আইন শৃংখলাকে ধৰি সকলো দিশ সামৰি লোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই।

আনকি আৰক্ষীৰ নিয়মীয়া অনুশীলন, উগ্ৰপন্থী বিৰোধী অভিযান আদিও সমান্তৰালভাৱে চলি থকাৰ লগতে শেহতীয়াকৈ থানা সমূহৰ চৌহদ বা সন্মুখত পৰি থকা দুৰ্ঘটনাগ্ৰস্ত পৰিত্যক্ত যানবাহনসমূহ নিৰ্দিষ্ট স্থানলৈ স্থানান্তৰিত কৰি থানাৰ চৌহদ পৰিস্কাৰ কৰা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুসংগিক কামত গুৱাহাটীলৈ অহা ১২০০ আৰক্ষী থাকিব পৰাকৈ নিৰাপত্তা বাহিনীৰ আৰ্হিৰ এক ট্ৰানজিত শিৱিৰো নিৰ্মাণৰ প্ৰস্তুতি চলাই থকা হৈছে। সেইদৰে বিভিন্ন গোচৰৰ তদন্তৰ অগ্ৰগতি আৰু জিলাসমূহৰ বিষয়াসকলৰ কাম কাজৰ পৰ্যালোচনাৰ বৈঠকো ভিডিঅ' কনফাৰেন্সৰযোগে সঘনাই অনুষ্ঠিত কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in