দক্ষিন শালমাৰাৰ ফেৰছাঁটাৰীত ভূমি কেন্দ্ৰিক সংঘাতঃ জ্বলাই দিলে ঘৰ, পাঁচ লক্ষাধিক টকাৰ ক্ষতি

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ ফেৰছাটাৰীত দুই গোটৰ ভূমি কেন্দ্ৰিক সংঘাতৰ মাজতে এটা ফৈদৰ ঘৰত দুৰ্বৃত্তই অগ্নি সংযোগ কৰি ঘৰ জ্বলাই দিয়া ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ পিছত ইতিমধ্যে আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ।

উল্লেখযোগ্য যে যোৱা বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত গাঁওখনৰ জহিৰুল ইছলামৰ ঘৰত হঠাৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত চাৰিটা ছাগলী মৃত্যু মুখত পৰাৰ লগতে ঘৰত জমা থকা নগদ ৪০ হেজাৰ টকা, সৰিয়হকে ধৰি বহু সামগ্ৰী সহ দুটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। প্ৰায় ৫ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হয় অগ্নিকাণ্ডত।

ঘটনাক লৈ ভুক্তভুগি জহিৰুল ইছলামে অভিযোগ কৰা মতে বিগত কিছুদিন ধৰি গাঁওখনৰ পাৰ্শ্ববৰ্তী গাঁৱৰ মজিবৰ ৰহমানে তেওঁৰ পত্নী আৰু আন এজন সহযোগীৰ লগত একত্ৰিত হৈ নিশা ঘৰত শুই থকা অৱস্থাত তেওঁৰ পৰিয়ালটোক হত্যা কৰাৰ উদ্দেশ্যে এইদৰে অগ্নি সংযোগ কৰি দিয়ে। কিন্তু জহিৰুল ইছলাম সহ তেওঁৰ পৰিয়ালৰ আন সদস্য সকলৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে। ঘটনাক লৈ জহিৰুল ইছলাম দক্ষিণ শালমাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত কাকো আটক কৰিব পৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in