বেহা থাকিলেহে দেহা…

বেহা থাকিলেহে দেহা…

ডিম্পুল বৰগোঁহাই

দেহা থাকিলেহে বেহা। সুস্থ সবল স্বাস্থ্যৰ গৰাকী নহ'লে মানৱ জীৱন অসাৰ। পিছে এতিয়া দেহা ভালে ৰাখিবলৈ হ'লে আপোনাক প্ৰথমে লাগিব সবল বেহা, তেতিয়াহে আপুনি লাভ কৰিব পাৰিব সুস্থ দেহা। অপ্ৰিয় হ'লেও সাম্প্ৰতিক সময়ত আপুনি এই কথা নুই কৰিব নোৱাৰে।

সুস্বাস্থ্য প্ৰতিজন নাগৰিকৰে এক অধিকাৰ। ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইন আৰু আন্ত:ৰাষ্ট্ৰীয় কনভেনচন মতে, স-সন্মানেৰে তথা স্বাধীনভাৱে জীৱন যাপন কৰাৰ সাংবিধানিক অধিকাৰেই হ'ল মানৱ অধিকাৰ। এই সংজ্ঞা মৰ্মে সুস্থভাৱে জীয়াই থকাৰ অধিকাৰো মানৱ অধিকাৰেই অংশ। কিন্তু বৰ্তমানৰ বিশ্বত মানৱ অধিকাৰৰ এই অংশকণ আপুনি কিদৰে আদায় কৰিব, সেয়াহে বিচাৰ্য বিষয়।

সবল বেহা অৰ্থাৎ ধন হাতত থাকিলেহে আপোনাৰ দেহা টনকিয়াল হ'ব বুলি আমি এনেয়ে কোৱা নাই। কেৱল এয়াই নহয়, এই কথাও ন দি ক'ব পাৰি যে যদিহে আপোনাৰ ধন নাই, তেন্তে কোনো দুৰাৰোগ্য ৰোগত আপুনি হেৰুৱাব পাৰে আপোনজনকো। শুনি বেয়া লাগিলেও এয়াই আজিৰ বাস্তৱ। কিয়নো এতিয়াৰ চিকিৎসা সেৱা তেনেই ব্যয়বহুল। ধন সৰ্বস্ব এই চিকিৎসাৰ বজাৰখনত ধন নহ'লে আপোনাৰ লগতে আপোনজনৰো সুস্বাহ্য আশা কৰাটো বৃথা।

অসমৰ চৰকাৰী চিকিৎসাখণ্ডৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এঠাইত যদি আন্ত:গাথনিৰ অভাৱ, আন এঠাইত আকৌ চিকিৎসক-নাৰ্ছৰ অভাৱ। মুঠতে চৰকাৰী চিকিৎসালয় এখনত ৰোগীয়ে পাব লগা প্ৰয়োজনীয় চিকিৎসা পোৱাতো এই মুলুকত পৰ্বতত কাছ কণী বিচৰাৰ দৰে। এইখিনিতে এই কথাও উল্লেখ কৰিব লাগিব যে ৰাজ্যৰ কিছু চৰকাৰী চিকিৎসালয়ৰ আন্তগাথঁনি বহু পৰিমাণে উন্নত। কিন্তু জনসাধাৰণৰ সচেতনাৰ অভাৱতেই বহুতে লাভ নকৰে চৰকাৰী চিকিৎসাসেৱা। সেয়া যি কি নহলেও চৰকাৰী চিকিৎসালয়ত লাভ কৰা সুবিধাবোৰতকৈ, লাভ নকৰা সুবিধাবোৰৰ সংখ্যাহে অধিক।

সমগ্ৰ অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত বহু পৰিমাণে গুৱাহাটীৰ ওপৰতে নিৰ্ভৰ কৰে। বিশেষকৈ অসমৰ গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে উন্নত চিকিৎসাৰ লক্ষ্যস্থল হ'ল গুৱাহাটী। কিন্তু গুৱাহাটীত থকা চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বাবে এনে উন্নত চিকিৎসা ব্যৱস্থা উপলব্ধ নে? গ্ৰামাঞ্চলৰ দৰিদ্ৰ কোনো লোকে কম ধনেৰেই গুৱাহাটীত সুচিকিৎসা লাভ কৰাটো সম্ভৱনে? ইয়াৰ উত্তৰ কিন্তু সকলোৰে হাতত আছে। গুৱাহাটীত প্ৰায়বিলাক সা-সুবিধা উপলদ্ধ থকা চৰকাৰী চিকিৎসালয় হিচাপে আমি ল'ব পাৰো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নাম। কিন্তু সমগ্ৰ অসমৰ জনগণে চৰকাৰী চিকিৎসাসেৱা লাভ কৰিবৰ বাবে কেৱল এই চিকিৎসালয়খনেই প্ৰৰ্যাপ্ত নহয়।

যিহেতু উন্নত চিকিৎসা সেৱা চৰকাৰী খণ্ডৰ চিকিৎসালয়ত উপলদ্ধ নহয় তেন্তে মানুহে চিকিৎসা সেৱা ক'ত লাভ কৰিব! হাতত ধন নাথাকিলেও আপোনজনৰ চিকিৎসাৰ ক্ষেত্ৰত পৰিয়ালৰ লোকে কোনোধৰণৰ আপোচ নকৰে। সেয়ে নিশ্চিতভাৱে চিকিৎসাৰ বাবে তেওঁলোক যাব ব্যক্তিগত চিকিৎসালয়লৈ। এখন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত নথকা দুৰাৰোগ্য ৰোগৰো বিধান থাকে ব্যক্তিগত চিকিৎসালয়ত। গতিকে চৰকাৰীখণ্ডত নিৰাশ হোৱা পৰিয়ালটোৱে ব্যক্তিগত চিকিৎসালয়ৰ পৰাই ল'ব চিকিৎসা সেৱা। চিকিৎসা লাভ কৰি ৰোগী সুস্থও হ'ব, কিন্তু তাৰ বাবদ খৰচ হ'ব বৃহৎ পৰিমাণৰ ধন।

সূক্ষ্মভাৱে এই সমগ্ৰ প্ৰক্ৰিয়াটো যদি লক্ষ্য কৰা হয় তেন্তে এটা কথা বুজিব পাৰি যে এফালে বহু ৰোগী আৰ্থিকভাৱে টনকিয়াল নহয় বাবেই, ধনৰ অভাৱত প্ৰাণ হেৰুৱাব লগা হৈছে আনফালে বহুৰোগীয়ে প্ৰাণ বচাবলৈ গৈ হেৰুৱাব লগা হৈছে নিজৰ মাটি-বাৰীও। এইবোৰৰ মাজতে, শাৰীৰিকভাৱে এজন ৰোগী সুস্থ হৈ উঠে যদিও তাৰ বিপৰীতে আওপকীয়াকৈ লোকজনক মানসিকভাৱে ৰুগীয়া কৰি তোলে এনে কাৰ্যই। মনোবিজ্ঞানেও তাকেই কয় 'শাৰীৰিক, মানসিক উভয় দিশতে সুস্থ এজন ব্যক্তিহে হৈছে প্ৰকৃত নিৰোগী।'

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ মতে প্ৰতি ১০০০জন লোকৰ বিপৰীতে থাকিব লাগে ৩ জন চিকিৎসক/চিকিৎসাকৰ্মী। কিন্তু তাৰ বিপৰীতে ভাৰতত ২০০০ জন ব্যক্তিৰ বিপৰীতে আছে মাত্ৰ এজন চিকিৎসক। এই পৰিসংখ্যাৰ পৰাই সহজে অনুমেয় যে বাস্তৱত অসমৰ চৰকাৰী খণ্ডৰ ছবিখন কেনে হব! এফালে চিকিৎসকৰ অভাৱ, আনফালে ব্যক্তিগত খণ্ডলৈ চিকিৎসকসকলৰ আগমন। এই 'আয়া ৰাম গয়া ৰাম' প্ৰক্ৰিয়াত জীয়াতু ভুগিছে সৰ্বসাধাৰণে।

এতিয়া চিকিৎসা সেৱা হৈ থকা নাই, ই এক ব্যৱসায়লৈ পৰিণত হৈছে। আগত কৈ অহাৰ দৰে এতিয়া যদি আপোনাৰ ধন নাই তেনেহ'লে সুচিকিৎসাৰ আশা এৰক। এতিয়া এচাম চিকিৎসকৰ ওপৰত এনে অভিযোগো উঠে যে চিকিৎসকে কেৱল ধনৰ বাবেই মৰা মানুহ জীয়াবও পাৰে আৰু জীয়া মানুহক উপযুক্ত চিকিৎসা প্ৰদান নকৰি মাৰিবও পাৰে।' বহু সময়ত মৃতকৰ পৰিয়ালে এই অভিযোগ উত্থাপন কৰে। ইয়াৰ সত্যতা আমি বিচাৰ কৰিবলৈ নাযাও, কিয়নো জন্ম, মৃত্যু মানুহৰ হাতত নাথাকে। কিন্তু এই কথাও পাহৰিলে নহ'ব যে বিজ্ঞানৰ যুগত সকলো সম্ভৱ। উদাহৰণ নিষ্প্ৰয়োজন।

চৰকাৰী খণ্ডত সুবিধা নাথাকিলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যাবই। তাত সমালোচনা কৰি লাভ নাই। কিন্তু চিকিৎসা লাভ কৰাৰ নামত বহু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে সৰ্বসাধাৰণক আৰ্থিক দিশত কোঙা কৰি পেলায়। বৰ্তমানৰ সামগ্ৰীৰ এই আকাশলংঘী মূল্যৰ সময়ত সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি হৈছে। কিন্তু সকলোক্ষেত্ৰতে ব্যবসায় নহয়। বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত।

গুৱাহাটীৰ এনে কেইবাখনো চিকিৎসালয় আছে যত এগৰাকী প্ৰসূতিৰ কেৱল অস্ত্ৰোপ্ৰচাৰৰ নামত লোৱা লয় ৫০ হাজাৰ টকা। এই ৫০ হাজাৰ টকা কেৱল চিকিৎসকৰ খৰচহে অন্য খা-খৰছ সুকীয়া। ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে এই ব্যক্তিগত চিকিৎসালয় সমূহে সৰ্বসাধাৰণক কেনেদৰে লুটি আহিছে। এনে চিকিৎসালয়সমূহৰ ৱেবছাইট ভিজিট কৰিলেই জলজল-পটপট হৈ পৰে সকলো।

যি সময়ত প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত যোৰাহাট চিকিৎসা মহাবিদ্যালয়ত বিগত দুটা দিনত ২গৰাকী প্ৰসূতিৰ লগতে ৫ টি শিশুৰ কৰুণ মৃত্যু হৈছে, সেই একেটা সময়তে কিন্তু কোনো ব্যক্তিগত চিকিৎসালয়ত চৰকাৰী দৰমহাপ্ৰাপ্ত এচাম চিকিৎসকে চিকিৎসা সেৱা চলাই আছে। আশ্চৰ্যজনক কথা এয়ে যে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে এইবোৰেই হৈছে ৰাজ্যৰ চৰকাৰী চিকিৎসাখণ্ডৰ উন্নয়নৰ নমুনা।

চৰকাৰী চিকিৎসালয়ৰ দৰে মহানগৰীৰ ব্যক্তিগত খণ্ডৰ কিছু চিকিৎসালয়তো নাই পৰ্যাপ্ত সা-সুবিধা। কিন্তু সেই চিকিৎসালয়সমূহেও এখন পূৰ্ণাংগ চিকিৎসালয় হিচাপে স্বীকৃতি পাইছে। এখন ব্যক্তিগত চিকিৎসালয় প্ৰতিষ্ঠাৰ বাবে চৰকাৰৰ অনুমতি লোৱাতো বাঞ্চনীয়। কেইবাটাও শাখাত, সা-সুবিধাৰ ওপৰত ভিত্তি কৰি এই চিকিৎসালয়সমূহক অনুজ্ঞা-পত্ৰ প্ৰদান কৰা হয়। এখন ছুপাৰ স্পেচিলিয়িটি চিকিৎসাৰ বাবে লাগে চৰকাৰৰ ৮খন অনুজ্ঞা পত্ৰ, আনহাতে গৱেষণা কেন্দ্ৰৰ বাবে প্ৰয়োজন হয় সুকীয়াকৈ ৩খন অনুজ্ঞাপত্ৰ।

উল্লেখ্য যে, প্ৰদূষণ, আই চি ইউ, পাৰ্কিং, ফাৰ্মাচীকে ধৰি বহুকেইটা বিষয়ত লাগে সুকীয়া অনুজ্ঞাপত্ৰ। কিন্তু এই নিয়ম মানি চলা নাই মহানগৰীৰ বহুকেইখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে। চিকিৎসালয়সমূহৰ বাস্তৱ ৰূপ আৰু ৱেবছাইটত দিয়া বিৱৰণীৰ মাজত আছে বৃহৎ পাৰ্থক্য। এইক্ষেত্ৰত অন্যতম হৈছে মহানগৰীৰ বামুণীমৈদামস্থিত এখন চিকিৎসালয়। এই চিকিৎসালয়খনত কোনো ধৰণৰ ফাৰ্মাচীৰ অনুমতি নাই, তথাপি চৌহদতে আছে এখন ফাৰ্মাচী।

আন এখন হ'ল আমবাৰীস্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়। ৱেবছাইটত উল্লেখ থকা মতে চিকিৎসালয়খনত ১৪ টা বিভাগৰ বিশেষজ্ঞ চিকিৎসক উপলব্ধ। কিন্তু চিকিৎসালয়খনত নাই নিজাববীয়া এখনো এম্বুলেন্স। একেদৰে যদি মহানগৰীৰৰ সকলো ব্যক্তিগত চিকিৎসালয়ত সূক্ষ্মভাৱে জৰীপ চলোৱা হয় সকলোতে ওলাব কেনা। আনহাতে, চিকিৎসালয়ৰ পেলনীয়া সামগ্ৰীসমূহ নিষ্কাষণ কৰিবৰ বাবে ৯৫ শতাংশ চিকিৎসালয়তে নাই প্ৰয়োজনীয় নিষ্কাষণ ব্যৱস্থা। এয়াতো বাদেই বহু গৱেষণা কেন্দ্ৰই চৰকাৰী অনুদানৰ ধনো গৱেষণাৰ নামত হৰলুকী কৰি অহাৰ অভিযোগো সময়ে সময়ে উত্থাপিত হৈ আহিছে। এই সকলোবোৰ দিশত কিন্তু নিৰ্বিকাৰ স্বাস্থ্য বিভাগ। চিকিৎসালয়সমূহ পৰিচালনাৰ ক্ষেত্ৰত চৰকাৰে যেনেদৰে নিৰীক্ষণ কৰিব লাগিছিল সেইক্ষেত্ৰতো ব্যৰ্থ হৈছে স্বাস্থ্যবিভাগ তথা চৰকাৰ।

একাংশ ব্যক্তিগত চিকিৎসালয়ৰ তুলনাত মহানগৰীৰ বহু চিকিৎসালয়ত কিন্তু সুলভ মূল্যতে উপলদ্ধ উন্নতমানৰ চিকিৎসাসেৱা। মহানগৰীৰ মাৰোৱাৰী মেটাৰনিটি চিকিৎসালয়, জিএনআৰচি উত্তৰ গুৱাহাটী চিকিৎসালয়ৰ লগতে কেইবাখনো চিকিৎসালয়ত সুলভ মুল্যতে প্ৰদান কৰা হয় চিকিৎসা। ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে চিকিৎসাৰ নামত অধিক ধন লোৱাৰ এটি উদাহৰণ দাঙি ধৰিব বিচাৰিছো। ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ৰ দিছপুৰস্থিত এটা শাখাত এম আৰ আইৰ বাবদ যি ধন লোৱা হয় তাৰবিপৰিতে একে চিকিৎসালয়ৰে উত্তৰ গুৱাহাটী শাখাত ৫০ শতাংশ কম মূল্যত কৰা হয় এম আৰ আই। এই উদাহৰণৰ পৰা স্পষ্ট হয় যে ব্যক্তিগত চিকিৎসালয় সমূহে চিকিৎসাৰ বাবদ কিদৰে ৰামটাঙোন দিছে সৰ্বসাধাৰণক। অধিক ধন লোৱাৰ অন্য এক কাৰণো আছে চিকিৎসালয় সমূহত ব্যৱহৃত লিফট, আই চি ইউ, এ চি ইত্যাদি সুবিধা বিলাকত ব্যয় বহুপৰিমাণে ধন।

এই ক্ষেত্ৰত কিন্তু ব্যতিক্ৰম উত্তৰ গুৱাহাটী জি এন আৰ চি । জৰুৰীকালীন অৱস্থাৰ বাহিৰে এই চিকিৎসালয় খনত ব্যৱহাৰ কৰা নহয় লিফট। আনহাতে এই চিকিৎসালয়খনত প্ৰয়োজনীয় পাৰ্কিংৰ পৰা আদি কৰি চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো দিশৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। বহনক্ষম চুপাৰ স্পেচিয়িলিটি চিকিৎসা প্ৰদান কৰি আহিছে উত্তৰ গুৱাহাটী জি এন আৰ চিয়ে। তথাপিও যি সময়ত কিছুদিনৰ পূ্ৰ্বে মেঘালয় চৰকাৰে শ্বিলংত অত্যাধুনিক চৰকাৰী চিকিৎসালয় মুকলি কৰিছে,সেই সময়ত অসম চৰকাৰে ব্যক্তিগত খণ্ডৰ একাংশ চিকিৎসালয়ক লুন্ঠনৰ বাবে ৰঙা দলিছা পাৰি দিয়াতো আশ্বৰ্যজনক ।

ধনৰ পাছত দৌৰা এচাম চিকিৎসকক বাদ দিও বৰ্তমানো আমাৰ ৰাজ্যতে আছে অবিৰত আৰু নিস্বাৰ্থভাৱে মানৱসেৱা চলাই যোৱা বহু চিকিৎসক। মানৱ দৰদী এনে চিকিৎসকলৰ অন্যতম হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা আৰ এন পাঠকৰ নাম। পাঠকে প্ৰতি সপ্তাহৰ শনিবাৰে চানমাৰিৰ পেঞ্চনাৰ ভৱনত আগবঢ়ায় বিনামূলীয়া চিকিৎসা সেৱা।

ইয়াৰ উপৰিও হৰ্ষ ভট্ট, তন্নয় দাস, নোমল বৰা, সুভাষ খান্না, ভৱদেৱ গোস্বামী, অনুপ বড়ো, তুলসী ভট্ট, জ্ঞানেন্দ্ৰ বড়ো, হিতেশ বৰুৱা, প্ৰদীপ বৰুৱা, নৱনীল বৰুৱাকে আদি কৰি কেবাগৰাকী প্ৰখ্যাত চিকিৎসক হৈছে অসমবাসীৰ আশা-ভৰসা। কেৱল চিকিৎসাৰ ক্ষেত্ৰতে নহয় ৰাজনীতিৰ পৰা সমাজ-সংস্কৃতিলৈ এইসকল চিকিৎসকৰ অৱদান অতুলনীয়। সামাজিক দায়ৱদ্ধতাৰে এইসকল চিকিৎসকে অসমৰ সমস্যাসমূহ সমাধানৰ বাবে হাজাৰজনৰ সৈতে দেহে-কেহে খাটি আহিছে।

বৰ্তমানৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ চিকিৎসাখণ্ডটোক উন্নীত কৰিবলৈ এনে লোকসকলৰ সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন। ৰাজ্যখনত বহনক্ষম চিকিৎসাৰ প্ৰচলন কৰাৰ ক্ষেত্ৰত এওঁলোকে আগভাগ ল'লে নিশ্চিতভাৱে সুফল পোৱা যাব বুলি আশা কৰিব পাৰি। ব্যৱসায়মুখী হোৱা অসমৰ চিকিৎসাখণ্ডক সেৱালৈ ৰূপান্তৰ কৰিবলৈ এনে মানৱ দৰদী চিকিৎসকসকলৰ লগতে ব্যক্তিগতখণ্ডৰ চিকিৎসা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু চৰকাৰৰ সন্মিলিত প্ৰচেষ্টাৰ খুবেই প্ৰয়োজন। এয়া সমগ্ৰ অসমৰ সৰ্বসাধাৰণৰ লগতে সময়ৰ দাবী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in