আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

শুভমস্ত শকাব্দ ১৯৪৩, ভাস্কৰাব্দ ১৪২৮, খ্রীষ্টান্স ২০২১,হিজৰী ১৪৪৩৷৷| আজি ১৮ কাতি, (দক ১৯ কাঠি), '৫ নবেম্বৰ, ২৯ ৰবিয়ল আউৱল,| শুকুৰবাৰ৷৷ গুৱাহাটীত সূর্যোদয় পুৱা ৫/৩৬/১৯ বজাত। সুর্যাস্ত আবেলি| ৪/৩২/৩৬ বজাত। সূর্যোদয়কালীন শুক্ল প্রতিপদ তিথি (নিশ ৬.০২বিজালৈ)। ১৫ নং স্বাতী নক্ষত্র (পুৱা ৬.৩৮ বজালৈ) তুলা ৰাশি (নিশা১১.৩২ বজালৈ)৷ আয়ুষ্মন যােগ, কিন্তুঘ্ন কৰণ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো বৃহস্পতি গ্রহ শুভ কাৰক দিন।

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনোকাৰণত মানসিক অশান্তি হব পাৰো পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতিহব। শিক্ষার্থী শুভ। শিল্পীৰ অশাস্তিৰ মাজতেই কিছু উন্নয়নমূলক কামত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকর্মী নতুন লাভজনক কামত লাগিব। সংখ্যাতত্ত্বৰ ফালৰ পৰা শুভ কাৰক।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক, ৰোগৰ উপশম হােৱাৰ যােগ। মনৰ কিছু অশান্তি হ'ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ'ব। সাহিত্যিক, শিল্পীৰ শুভ সংযােগকাৰক হ'ব। ৰাজনীতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ'ব। প্রেম,আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ'ব। আর্থিক,বাণিজ্য আৰু কৰ্মত অলপ উন্নত'হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ।

মিথুন: মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ।আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ।বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ অস্থিৰতা সত্ত্বেও নতুন উন্নত যােগাযােগ হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যােগ।সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মধ্যমীয়া হ'ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শাৰীৰিক ৰোগ-ৰিষ্টৰ কাৰক যদিও শুভ হ'ব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ'ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতত আশাৰ যােগ। আর্থিক বাণিজ্য আৰু কৰ্মত অলপ শুভফল পাব। ৰাজনীতিক আৰু সমাজকর্মীৰ লাভ হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ ফল পাব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক কিছু শুভ কাৰক। কোনােকথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব।কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ। প্ৰেমত আৰু সাংসাৰিক শুভ।সংখ্যাতত্বৰ ফালৰ পৰা কিছু অশান্তি কাৰক হ'ব।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক, মানসিক শুভকাৰক যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ'ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজত কিছু সফলতা পাব। ৰাজনীতিকৰ চিন্তা বৃদ্ধিযােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ'ব।

তুলা: তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী,সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব।ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো মিশ্রিত কাৰক হ'ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতিৰ যােগ যদিও চঞ্চলতা বৃদ্ধিৰ যােগ। মন ভাগৰুৱা হ'ব পাৰে। অলপ বিষাদৰাে যােগ আছে। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতাে নতুন পৰিকল্পনামতে আগবাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য লাভৰ যােগ। ৰাজনীতিক, সমাজকর্মীৰ অযথা ক্ষতি হ'ব। প্রেম-প্রীতি আৰু সাংসাৰিক শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ'ব।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক যদিও দুপৰীয়াৰপৰা দুৰ্বলতাৰ যােগ। মানসিক দিশত নিৰাশ হ'ব পাৰে। আর্থিক,কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতে কিছু আশাব্যঞ্জক উৎসাহ বাঢ়িব। ৰাজনীতিক, সমাজকর্মীৰ মানসিক দুশ্চিন্তা সত্ত্বেও লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটোত অত্যন্ত শুভ কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যােগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু শুভ, কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক হ'ব। মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালৰ অশান্তিৰ যােগ শিক্ষার্থী,, সাহিত্যিক, শিল্পী, খেলুৱৈৰ নিৰাশাৰ মাজততা শুভ কাৰক প্রচেষ্টা চলিব।ৰাজনীতিক আৰু সমাজকর্মীৰ অশান্তিৰ মাজেৰেও লাভৰযােগ। কর্ম, বাণিজ্য আৰু আর্থিক অলপ উন্নতি কাৰক। প্ৰেমত হতাশাৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ'ব।

মীন: মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক।শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ'ব। ৰাজনীতিক আৰু সমাজকর্মীৰ উন্নতিৰ যােগাযােগ।সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ কাৰক হ'ব।

অসমৰ ৰাশিফল: (অসমৰ কাৰক ৰাশি কর্কট): আজিৰ দিনটো আমাৰ ৰাজ্যখনৰ বাবে অশুভ কাৰক, কালিৰ দৰে গ্রহসমূহৰ অৱস্থান দিনটো একেই থাকিব। নিশা ১১.৩২ বজাত ৰাজ্যৰ ৰাশ্যাধিপতি চন্দ্রবৃশ্চিক ৰাশিলৈ গৈ শুক্ৰ আৰু কেতু গ্রহৰ লগ লাগিব। উক্ত সময়ৰ পৰা ৰাজ্যখনৰ শুক্র গ্রহ শুভ হব যদিও আন সকলাে গ্রহৰ অৱস্থান অশুভহৈ থাকিব। ৰাশাধিপতি, কেতুযুক্ত, সপ্তম ৰাহু, দ্বাদশত ৰবি আৰু মঙল অত্যন্ত অশুভ কাৰক হ'ব। উক্ত গ্রহকেইটাৰ বাবে ৰােগ-ৰিষ্টৰ বৃদ্ধিৰ হাৰ বাঢ়িব পাৰে, হিংসাত্মক ঘটনা সংঘটিত হ'ব পাৰে, বাহন দুর্ঘটনাদি বৃদ্ধি হােৱাৰ উপৰি প্রাকৃতিক দুর্ঘটনা, অগ্নিকাণ্ড আদিৰ ভয় থাকিব। উচ্চ গুণ-মানসম্পন্ন লােকৰ দেহাৱসান ঘটিব পাৰে আগত তিনিটা দিনৰ ভিতৰত। ৰাজ্যখনত ক্ষতিকাৰক ঘটনাৰ উপৰি মৃত্যুৰসংখ্যাও বাঢ়িব পাৰে। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজি বৃহস্পতি গ্রহৰ দিন।| হিচাপে অসমৰ বাবে শুভ কাৰক হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in