নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰিল বাহন, নিহত ১০, আহত ২০…

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰিল বাহন, নিহত ১০, আহত ২০…

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ ইটাৱাত শনিবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১০জনকৈ লোক নিহত হৈছে। ইফালে, গুৰুতৰভাৱে আহত হৈছে প্ৰায় ২০জন লোক। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, আগৰাৰ পৰা ডিচিএম বাহনত লখনা দেৱী মন্দিৰলৈ গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন।

জানিব পৰা মতে, বাহনখনত আছিল প্ৰায় ৬০ৰ পৰা ৭০জনকৈ তীৰ্থ যাত্ৰী। বাহনখন মন্দিৰটোৰ অভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুওৱাই প্ৰায় ২৫ ফুট দ' খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক। ইতিমধ্যে আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in