আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি হ'ব পাৰে। সন্ধিয়া ৮ বজাৰ পিচত কিছু শুভ কাৰক। মনৰো অলপ অশান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া।শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ প্ৰতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। ৰাজনৈতিক আৰু সামাজিক কৰ্মত থকা ব্যক্তিৰ চিন্তা বৃদ্ধি হ'ব। সাহিত্য, ক্ৰীড়া, সংস্কৃতিৰ লগত জড়িতসকলৰ আৰ্থিক উন্নয়ন হোৱাৰ যোগ। কৰ্ম আৰু আৰ্থিক দিশত লাভৱান হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ'ব।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত অশুভ যদিও নিশা ৮ বজাৰ পিচত শুভ কাৰক হ'ব।মানসিক অশান্তিও কমিব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ আনন্দলাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি কাৰক। কৰ্ম, আৰ্থিক আৰু ব্যৱসায়ত সামান্য উন্নতি হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ ফলদায়ক।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া।মানসিক অশান্তি জলজ ৰোগ হ'ব পাৰে। প্ৰেম-প্ৰীতি আৰু ঘৰুৱা দিশত শুভ। বিদ্যাৰ্থীৰ প্ৰতিযোগীতমূলক মনোভাব বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ কিছু উন্নতি কাৰক হ'ব। ৰাজনীতিকৰো অশান্তিৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নত হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত কাৰক হ'ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। সন্ধিয়াৰ পৰা মনৰ যথেষ্ট উৎসাহ বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত খেলিমেলি কাৰক হ'ব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ।ৰাজনীতিকৰ কৰ্ম তৎপৰতা বাঢ়িব। কৰ্মক্ষেত্ৰ বাণিজ্য আৰু আৰ্থিক দিশত অলপ শুভ কাৰক হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক দিন।

সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শৰীৰত সামান্য আঘাত বা অশান্তি হ'ব পাৰে। মনৰ চিন্তা আৰু অস্থিৰতা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মানসিক অসুস্থতাৰ যোগ। সাহিত্যিক, শিল্পী, ক্ৰীড়াবিদ নতুন কৰ্মৰ প্ৰতি আকৃষ্ট হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব যদিও মনৰ দুশ্চিন্তা থাকিব। কৰ্ম, বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত কিছু শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো সুখ-শান্তি লাভৰ যোগ।

কন্যাঃ কন্যা ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক হ'ব যদিও সন্ধিয়াৰ পৰা অশান্তি হ'ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ বাবে দিনটো অলপ অশান্তি কাৰক হ'ব যদিও নিশালৈ শুভ কাৰক। বিদ্যাৰ্থীৰ মনৰ উৎসাহ-আনন্দ ব্যাহত হ'ব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত সামান্য লাভৱান হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো মধ্যমীয়া হ'ব।

তুলাঃ তুলা ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থতাৰ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি পাব। মানসিক দিশত সুখ-শান্তিৰ যোগ। প্ৰেম-প্ৰীতি আৰু সাংসৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ মনৰ উচ্চ আকাংক্ষাত বাধাৰ সৃষ্টি হ'ব পাৰে। সাহিত্য, ক্ৰীড়া-সংস্কৃতিৰ লগত যুক্তসকলৰ উন্নয়নত বাধা, অশান্তিৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত উন্নতি হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক যদিও নিশালৈ অসুস্থ হ'ব পাৰে। মনৰ অস্থিৰতাৰ কাৰক। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অশান্তি যোগ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মানসিক অশান্তি হ'ব পাৰে। সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত যুক্তসকলৰ সন্মান লাভৰ যোগ। ৰাজনীতিক আৰু সংবাদকৰ্মীৰ মধ্যমীয়া। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক।

ধনুঃ ধনু ৰাশিৰ বাবে দিনটো শৰীৰৰ যেথেষ্ট শুভ যদিও সন্ধিয়াৰ পৰা সামান্য ৰোগাক্ৰান্ত হ'ব পাৰে। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি হ'ব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত লোকৰ মান-সন্মান লাভৰ যোগ। ৰাজনৈতিক ব্যক্তি চিন্তান্বিত হ'ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সফলতা লাভ কৰিব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ'ব।

মকৰঃ মকৰ ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত যথেষ্ট শুভ কাৰক হ'ব। মনৰো অশান্তি কমিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ কাৰক। ক্ৰীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অস্থিৰতাৰ মাজতো সফলতা লাভৰ যোগ। বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক মনোভাব বাঢ়িব। ৰাজনীতিকৰ লাভৰ যোগ। আৰ্থিক বাণিজ্য আৰু কৰ্মক্ষেত্ৰ শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো অশুভ কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শৰীৰৰ মধ্যমীয়া কাৰক। মানসিক অশান্তি থাকিব। সন্ধিয়াৰ পৰা অসুস্থতাৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থিৰ মনৰ অশান্তি হ'ব পাৰে। ক্ৰীড়া, সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকেনিজৰ লাভ আদায় কৰিব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশান্তি লাভৰ যোগ।

মীনঃ মীন ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি হ'ব যদিও সন্ধিয়াৰ পৰা শুভ কাৰক হ'ব। মনৰ অশান্তি কিছু থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু অশান্তি হ'ব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ কৰ্মত উন্নতিমূলক হ'ব। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত কিছু লাভৱান হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত কাৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in