আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল..

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল..

মেষঃ মেষ ৰাশিৰ আজি শৰীৰৰ অসুস্থতাৰ যোগ। কোনো কাৰণত সামান্য মানসিক অশান্তি হব পাৰে। পৰিয়াল আৰু প্ৰেম-প্ৰীতিত শুভ কাৰক। শিক্ষাৰ্থীৰ নতুন পৰিকল্পনাৰ যোগ। শিল্পী, সাহিত্যিক, ক্ৰীড়াবিদে উন্নয়নমূলক কৰ্মত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে নতুন লাভজনক কৰ্মত নিয়োজিত হব। আৰ্থিক বাণিজ্য আৰু কৰ্মত উন্নতি হব।

বৃষঃ বৃষ ৰাশিৰ আজি শৰীৰৰ বাবে অশান্তি থাকিব যদিও ৰোগৰ পৰা উপশম পাব। মনৰ কিছু অশান্তি হব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হব। শিক্ষাৰ্থীৰ শুভ কাৰক। ক্ৰীড়া, সাহিত্য সংস্কৃতিত জড়িত লোকৰ শুভ সংযোগ হব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি পাব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত উন্নতি হব।

মিথুনঃ মিথুন ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মনৰ কিছু দুশ্চিন্তা থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। বিদ্যাৰ্থীৰ উৎসাহ বৃদ্ধিৰ যোগ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ অস্থিৰতা সত্ত্বেও নতুনকৈ উন্নত যোগাযোগ হব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ ক্ষেত্ৰত শুভ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতো লাভৰ যোগ।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শাৰীৰিক ৰোগ-ৰিষ্টত ভোগাৰ যোগ। মানসিকভাৱেও বিষাদিত হব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকতো অশান্তি হব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু হতাশা থাকিব। শিল্পী, খেলুৱৈ, সাহিত্যিকৰ উন্নতিৰ আশা দেখিব। ৰাজনীতিক আৰু সমাজকৰ্মী লাভৱান হব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত অলপ শুভ কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজি শাৰীৰিক কিছু দুৰ্বলতাৰ কাৰক। মনৰ অশান্তি হব পাৰে। প্ৰেম আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনত উৎকণ্ঠা বাঢ়িব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ অশান্তি সত্ত্বেও কিচু সসফলতা লাভৰ যোগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কৰ্মত অস্থিৰতা থাকিব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য লাভৰ যোগ।

কন্যাঃ কন্যা ৰাশিৰ আজি শাৰীৰিক দিশত শুভ কাৰক যদিও মনলৈ হতাশা আহিব। পাৰিবাৰিক আৰু প্ৰেম-প্ৰতীতিত অশান্তি হব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাত উন্নতিৰ যোগ। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীয়ে যথেষ্ট কষ্টৰ মাজতো কিছু সফলতা পাব। ৰাজনীতিকৰ চিন্তা বৃদ্ধিৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কষ্টৰেহে লাভৱান হব।

তুলাঃ তুলা ৰাশিৰ আজি শৰীৰত ৰোগৰ সৃষ্টি হব পাৰে। মনৰো দুশ্চিন্তাৰ যোগ। প্ৰেম-প্ৰীতি, ঘৰুৱা দিশতো কিছু অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীয়ে অশান্তিৰ মাজেৰেও নতুন কামত আগবাঢ়িব। ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত আশানুৰূপ উন্নতি নহব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি শৰীৰত সামান্য ৰোগৰ কাৰক। মনৰ চঞ্চলতা বৃদ্ধি হব যদিও শুভ কাৰক হব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত অলপ অশান্তি হব পাৰে। সাহিত্যিক, খেলুৱৈ,শিল্পীৰ নিৰাশাৰ মাজতো নতুন পৰিকল্পনাৰে আগবাঢ়িব। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ হব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিত কিছু বাধাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু লাভৰ যোগ।

ধনুঃ ধনু ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক যদিও অলপ দুৰ্বলতাৰ যোগ। মানসিক দিশত সুখী হব পাৰে। প্ৰেম-পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্যিক, শিল্পীৰ কিছু উন্নতি আৰু উৎসাহ বাঢ়িব। ৰাজনীতিক , সমাজকৰ্মীৰ মানসিক দুশ্চিন্তা হলেও লাভৰ যোগ। আৰ্থিক, কৰ্ম আৰু বাণিজ্যত উন্নতি হব পাৰে।

মকৰঃ মকৰ ৰাশিৰ আজি শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক অশান্তিও অক্ষুণ্ণ থাকিব। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া কাৰক।বিদ্যাৰ্থী অধ্যয়নৰ প্ৰতি আকৃষ্ট হব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ কিছু পৰিমাণে উন্নতিৰ যোগ। আৰ্থিক, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজি শাৰীৰিক দিশত শুভ কাৰক যদিও মনৰ অশান্তি থাকিব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ প্ৰতি অনীহা আহিব পাৰে। সাহিত্যিক, শিল্পী, খেলুৱৈৰ উন্নতিৰ যোগাযোগ চলিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তিৰ মাজতো লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত অলপ উন্নতি কাৰক।

মীনঃ মীন ৰাশিৰ আজি শাৰীৰিৰ অসুস্থতা আৰু মানসিক দিশত অশান্তি কাৰক হব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত মানসিক অশান্তি বাঢ়িব। সাহিত্যিক, শিল্পী আৰু খেলুৱৈসকলৰ উন্নতিৰ কাৰক হব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগোযোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত কিছু শুভ কাৰক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in