আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

শুভমন্তু, শকাব্দ ১৯৪৩, ভাস্কৰাব্দ ১৪২৮, খ্রীষ্টাব্দ ২০২১, হিজৰী১৪৪৩৷৷ আজি ১১ কাতি (দৃক ১২ কাতি), ২৯ অক্টোবৰ, ২২,| ৰবিয়ল আউল, শুকুৰবাৰ। গুৱাহাটীত সুর্যোদয় পুৱা ৫/৩১/৩৯| বজাত৷৷ সূর্যাস্ত আবেলি ৪/৩৭/২৫ বজাত৷ সূর্যোদয়কালীন কৃষ্ণাঅষ্টমী তিথি (পুৱা ৯.০৬ বজালৈ)৷৷৮ নং পুষ্যা নক্ষত্র (পুবা',৮.০১ বজাত)। কর্কট ৰাশি, শুভ যােগ, কৌলবকৰণ।।. সংখ্যাতত্ত্বৰফালৰ পৰা আজিৰ দিনটো শনি গ্ৰহৰ অতি অশুভ কাৰক দিন।।

মেষ : মেষ ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক হ'ব যদিও মনৰ চিন্তা,অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত খেলিমেলি কাৰক হ'ব। শিক্ষার্থীৰ, মনৰ দৃঢ়তা বাঢ়িব। সাহিত্য-সংস্কৃতি,ক্রীড়াত জড়িতসকলৰৰ শুভ' কাৰক হ'ব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু উন্নতি কাৰক হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ'ব।

বৃষ : বৃষ ৰাশিৰ আজি শৰীৰৰ বৰ শুভ কাৰক নহ'ব। মানসিক অশান্তি আৰু কান্ধৰ ওপৰৰ ফালৰ ৰােগ হ'ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশতু কিছু শুভ কাৰক হ'ব। বিদ্যার্থীৰ উচ্চ শিক্ষাত মনঃসংযােগ বৃদ্ধি হ'ব। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ উন্নতিৰ ক্ষেত্ৰত কিছু সুফল পােৱাৰ যােগ আছে।ৰাজনীতিক আৰু সমাজকর্মীৰ শুভ। কর্ম আৰু বাণিজ্যত লাভৱান হ'ব। আর্থিকত:কিছু অভাৱ থাকিব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ'ব।

মিথুন : মিথুন ৰাশিৰ আজি শৰীৰৰ সুস্থতা, থাকিব। মানসিক অশান্তি আৰু চিন্তা হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আশাপ্রদ সফলতা সাহিত্য-সংস্কৃতি, সংবাদকর্মৰে যুক্তসকলৰ মনৰ কিছু সুখ-শান্তি লাভ হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ হ'ব। আর্থিকত, টনাটনি থাকিব যদিও বাণিজ্য আৰু কৰ্মত কিছু আজি দুপৰীয়া উন্নতি কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনতাে মধ্যমীয়া।

কর্কটঃ কর্কট ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া যদিও সামান্য কষ্ট হ'ব পাৰে। মনৰ শান্তি: থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক হ'ব। শিক্ষার্থীৰ চিন্তাৰ মাজতেই উন্নতিৰো যােগ। সাহিত্য-সংস্কৃতি, ক্রীড়া স'তে জড়িত সকলৰ উন্নতি সাধন হ'ব। ৰাজনীতিক আৰু সমাজকর্মীৰ সফলতাৰ কাৰক। আর্থিকত শুভ। বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ'ব।

সিংহ: সিংহ ৰাশিৰ আজি শৰীৰৰ ৰােগ আৰু আঘাত প্রাপ্তিৰ যােগ।মনৰ অশান্তি হ'ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া হ'ব। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত দুশ্চিন্তা হব। ক্রীড়া-সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ দিনটো কিছু লাভদায়ক হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যােগ।আর্থিকভাৱে জুৰুলা হ'ব যদিও বাণিজ্য আৰু কর্মক্ষেত্ৰত শুভকাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অতি অশুভ কাৰক হ'ব।

কন্যা : কন্যা ৰাশিৰ আজি শাৰীৰিক অসুস্থতাৰ যােগ। মানসিক দিশত শুভ কাৰক। প্রেম, পাৰিবাৰিকত শান্তিৰ যোেগ। শিক্ষার্থীৰ মনৰ অশান্তি বাঢ়িব পাৰে। সাহিত্য, ক্রীড়া-সংস্কৃতিৰে যুক্তসকলৰ উন্নতি কাৰক হ'ব। আর্থিক চিন্তাৰ যােগ। বাণিজ্য আৰু কর্মক্ষেত্ৰত সামান্য লাভৰ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্রিত কাৰক।

তুলা : তুলা ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক।মানসিক অশান্তি বাঢ়িব পাৰে। প্রেম-প্রীতি, আৰু সাংসাৰিক ক্ষেত্ৰত কিছু শুভ। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু অশান্তি'হ'ব। শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ উন্নতি আৰু লাভৰ যােগ। ৰাজনৈতিক ব্যক্তিৰ দুশ্চিন্তা হ'ব পাৰে। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু লাভ হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ'ব।

বৃশ্চিক : বৃশ্চিক ৰাশিৰ আজি শাৰীৰিকভাৱে শুভ কাৰক। মানসিক ক্ষেত্ৰত, কিছু চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত অশান্তি হ'ব পাৰে। শিক্ষার্থী উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু খেলিমেলি হ'ব। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিমূলক কর্মত সুযােগ-সুবিধা পাব। ৰাজনৈতিক লােকৰ ব্যস্ততা বৃদ্ধি হ'ব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো অশুভ হ'ব।

ধনু : ধনু ৰাশিৰ আজি শাৰীৰিক, মানসিক উভয়তে শুভ কাৰক হ'ব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত সুখী হ'ব। শিক্ষার্থী উচ্চশিক্ষাৰ বাবে চিন্তা-ভাবনা, বাঢ়িব। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ সফলতাৰ যােগ। ৰাজনৈতিক ব্যক্তিৰ কষ্টৰ যােগ।আর্থিক, বাণিজ্যিক আৰু কর্মক্ষেত্ৰত লাভৱান হ'ব। সংখ্যাতত্ত্বৰফালৰ পৰা দিনটো শুভাশুভ মিশ্রিত কাৰক।

মকৰ : মকৰ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ'ব। মনৰ অশান্তি কিছু হ্রাস হ'ব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। সাহিত্য-সংস্কৃতিৰ স'তে যুক্তসকলৰ কিছু সফলতা লাভৰ যােগ।সমাজকর্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু খেলিমেলি হ'ব।কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত লাভৱান হ'ব। সংখ্যাতত্ত্বৰফালৰ পৰা দিনটো শুভ কাৰক হ'ব।

কুম্ভ : কুম্ভ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মনৰ কিছু অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা-চৰ্চা অব্যাহত থাকিব। ৰাজনীতিক আৰু সমাজকর্মীৰ ৰােগৰ ভয়। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভদায়ক হ'ব।

মীন: মীন ৰাশিৰ আজি শাৰীৰিক দিশত কিছু অসুস্থতা থাকিব। মনৰকিছু অশান্তি বাঢ়িব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মিশ্রিত কাৰক হ'ব। শিক্ষার্থী উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অশান্তি হব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লােকৰ উন্নতিৰ যােগ।ৰাজনীতিক আৰু সমাজকর্মীয়ে অশান্তি ভােগ কৰিব পাৰে। আর্থিক নাটনি হ'লেও বাণিজ্য আৰু কৰ্মত লাভৰ যােগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্রিত কাৰক যােগ।

অসমৰ ৰাশিফল: (অসমৰ কাৰক ৰাশি কর্কট)ঃ আজিৰ দিনটোও ৰাজ্যৰ ৰাশ্যাধিপতি চন্দ্র গ্রহ স্বগৃহী হৈ কৰ্কট ৰাশিতে আছে। গােচৰ আৰুচন্দ্ৰৰ স্থিতি মতে চতুর্থত নীচ ৰবি আৰু মঙল, পঞ্চমত কেতু, সপ্তমত শনি অতি অশুভ কাৰক। ৰাজ্যখনত ৰােগ প্রাবল্য বাঢ়িব পাৰে,কোভিডৰ উপৰি অন্যান্য ৰােগতে আক্রান্তৰ সংখ্যা বাঢ়িব পাৰে মৃত্যুৰ হাৰ কিছু বৃদ্ধি হ'ব পাৰে। জনসাধাৰণৰ ক্ষতিকাৰক হ'ব। সমাজত হিংসাত্মক কার্যকলাপ বৃদ্ধি, ভয়, আশংকা আৰু মানসিক অস্থিৰতা বৃদ্ধি পাব।অৱশ্যে পঞ্চমত শুক্ৰ আৰু সপ্তমত বৃহস্পতি গ্রহ শুভ কাৰক হৈ আছে।সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো শনি গ্ৰহৰ দিন হিচাপে অসমৰ বাবে অতি শুভ কাৰক হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in