আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

শুভমস্ত, শকাব্দ ১৯৪৩, ভাস্কৰাব্দ ১৪২৮ খ্রীষ্টাব্দ ২০২১, হিজৰী ১৪৪৩৷৷ আজি ২ আঘোণ (দৃক ৩ আঘোণ), ১৯ নৱেম্বৰ, ১৩ ৰবিয়চ | চানি, শুকুৰবাৰ।। গুৱাহাটীত সূর্যোদয় পুৱা ৫/৪৬/২২ বজাত। সূর্যাস্ত আবেলি ৪/২৬/০৮ বজাত।। সূর্যোদয়কালীন পূর্ণিমা তিথি (দিনৰ ১:১০ বজালৈ)।। ৩ নং কৃত্তিকা নক্ষত্র (ৰাতি ৩.৫৮ বজালৈ)।। মেষ ৰাশি।। (দিনৰ ৮.১০ বজালৈ) ।। পৰিঘ যোগ, ববকৰণ।। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো শনি গ্ৰহৰ কাৰক অতি অশুভ দিন।।

মেষ : মেষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত ফল লাভৰ যোগ। মানসিক অশান্তি থাকিলেও পৰিয়ালৰ আৰু প্রেম-প্রীতিত শুভ। শিক্ষার্থীয়ে অধ্যয়নৰ ক্ষেত্ৰত বিশেষ দক্ষতা লাভ কৰিব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদৰ মনৰ উৎসাহ বৃদ্ধিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰ অলপ উন্নতি হ'ব পাৰে। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

বৃষ : বৃষ ৰাশিৰ আজি পুৱা ৮ বজাৰ পৰা শাৰীৰিক ক্ষেত্রত শুভ কাৰক হ'ব। মনত অশান্তি হ'ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষার্থীয়ে নতুন পৰিকল্পনা মতে সুসিদ্ধান্ত ল'ব পাৰিব। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকর্মীৰ কিছু উন্নতি কাৰক। আর্থিক, কৰ্ম আৰু বাণিজ্যত লাভজনক হ'ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত সু-স্বাস্থ্যৰ কাৰক। মানসিক ক্ষেত্ৰতো শুভ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ মনত কিছু শান্তি লাভৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰো শুভ কাৰক হ'ব৷ ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ আশা কৰামতে উন্নতিমূলক। কর্ম, বাণিজ্য আৰু আর্থিকত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।

কৰ্কট : কৰ্কট ৰাশিৰ আজিৰ দিনটো শাৰীৰৰ অশান্তি কাৰক হ'ব যদিও মনৰ উৎসাহ বৃদ্ধি পাব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অযথা অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ নতুন কর্মপৰিকল্পনাত সফলতা লাভ সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ হতাশাৰ মাজতো কিছু সফলতাৰ যোগ। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ অস্থিৰতা বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অলপ অশান্তিৰ কাৰক। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশতো শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত শুভ। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ আৰ্থিক অৱস্থা অশুভ কাৰক হ'ব। সমাজকর্মী আৰু ৰাজনীতিকৰ নতুন ব্যস্ততাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অতি অশুভ কাৰক।

কন্যা : কন্যা ৰাশিৰ আজিৰ দিনটো শৰীৰ সুস্থ থাকিব। মনৰ অশান্তি হ'ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মানসিক উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ অশান্তিৰ মাজতো নতুন কৰ্মৰ সন্ধান পাব। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক হ'ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভ কাৰক হ'ব। মনৰ শুভ কাৰক। চিন্তা-ভাবনা হ্রাস পাব পাৰে। প্ৰেম আৰু পাৰিবাৰিক সুখ শান্তিত বাধা থাকিব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ শান্তি বিঘ্নিত হ'ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃশ্চিক : বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক দৃঢ়তা বাঢ়িব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত সুখ শান্তি থাকিব। শিল্পী, সাহিত্যিকৰ মানসিক চিন্তা বৃদ্ধি পাব যদিও উন্নতিৰ আশা দেখিব। ৰাজনীতি আৰু সমাজকৰ্মত জড়িতসকলৰ অস্থিৰতাৰ যোগ। আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত অলপ শুভ। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত যথেষ্ট শুভ কাৰক। মানসিক অস্থিৰতা হ'ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উৎসাহ-উদ্দীপনা বৃদ্ধিৰ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনত দুশ্চিন্তা আৰু অশান্তি বৃদ্ধি পাব। ৰাজনীতিক, বুদ্ধিজীৱী, সমাজকৰ্মীৰ লাভদায়ক। কর্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সুফল পাব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মকৰ : মকৰ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ ৰোগ-ৰিষ্টৰ উপশম হোৱাৰ যোগ। মনৰ কিছু অশান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া হ'ব। শিক্ষাৰ্থীৰ মনৰ দৃঢ়তা বাঢ়িব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অশান্তি আৰু সফলতাত বাধা হ'ব পাৰে। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত সামান্য লাভ বাঢ়িব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

কুম্ভ: কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তি কাৰক হ'ব। মনৰো অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ আকাংক্ষাই কিছু অশান্তি দিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰো উন্নতি কাৰক। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিকত অলপ সকাহ পাব। সংখ্যাতত্ত্বৰ মতে অতি শুভ কাৰক।

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত অসুস্থতাৰ যোগ। পৰিয়ালৰ আভ্যন্তৰীণ খেলিমেলিয়ে মনৰো দুশ্চিন্তা বঢ়াব। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু খেলিমেলি থাকিব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ শুভ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক হ'ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

অসমৰ ৰাশিফল: (অসমৰ কাৰক ৰাশি কৰ্কট) : আজি আমাৰ ৰাজ্যখনৰ ৰাশ্যাধিপতি চন্দ্ৰ পুৱা ঘণ্টা ৮.১০ বজাত বৃষ ৰাশিলৈ যাব। চন্দ্ৰ গ্রহ বৃষ ৰাশিত ৰাহুযুক্ত হৈ থাকিব। সপ্তমত কেতু, নৱমত শনি অতি অশুভ আৰু অষ্টমত শুক্র গ্রহও অশুভ হৈ থাকিব। সপ্তমত ৰবি আৰু দশমত বৃহস্পতি শুভ কাৰক হৈ থাকিব। আনহাতে গোচৰ ফলমতে ৰবি আৰু বুধ শুভ কাৰক যদিও আন গ্রহসমূহ অতি অশুভ হৈ আছে। গতিকে ৰাজ্যখনৰ বাবে শুভ কাৰক ফলাফল দেখা নাযায়। ৰাহুৰ বাবে অপকর্ম, হত্যা, হিংসা, আত্মহত্যা আদি বৃদ্ধিৰ যোগ। সপ্তমৰ কেতুৰ বাবে শাসক আৰু প্ৰশাসনিক বিষয়াবৰ্গৰো মাজত অশান্তিৰ উপৰি ৰাইজৰো অশান্তিৰ যোগ। নৱমৰ শনিৰ প্ৰভাৱত উন্নতিত ব্যাঘাত আৰু ক্ষতিৰ যোগ। বিশেষ দুর্ঘটনা, অশান্তিকৰ পৰিস্থিতি হ'ব পাৰে। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো শনি গ্ৰহৰ কাৰক দিন হিচাপে ৰাজ্যখনৰ বাবে অতি অশুভ কাৰক হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in