ক’হিমাত নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ আৰম্ভ হ’ল বিশ্ব প্ৰসিদ্ধ হৰ্ণবিল উৎসৱ….

ক’হিমাত নাগালেণ্ডৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ আৰম্ভ হ’ল বিশ্ব প্ৰসিদ্ধ হৰ্ণবিল উৎসৱ….

ডিজিটেল সংবাদ ৱাখাঃ বুধবাৰে নাগালেণ্ডে ইয়াৰ ৫৯ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰে । বুধবাৰে ৰাজধানী ক'হিমাৰ সচিবালয়ৰ প্লাজাৰ খেলপথাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । এই উপলক্ষে দিয়া ভাষণত নেইফিউ ৰিঅৱে কয় যে বিৰোধীহীন ইউনাইটেড ডেমক্ৰেটিক এলায়েন্সৰ চৰকাৰে বৰ্তমান নাগালেণ্ড উন্নয়ন আৰু জনসাধাৰণৰ বিকাশৰ বাবে নিৰন্তৰে কাম কৰি আহিছে । গতিকে ৰাজ্যবাসীক নাগালেণ্ডৰ শান্তি আৰু বিকাশক আগুৱাই লৈ যাবলৈ একগোট হৈ কাম কৰিবলৈ আহবান জনায়। লগতে নাগৰিকসকলৰ এক সন্মানজনক জীৱন সুবিধা প্ৰদানৰ বাবে আহবান জনায়।

ৰিঅ'ৱে কয় যে আমি মানৱ সম্পদ বিকাশৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তদুপৰি আমি ৰাজ্যৰ বিকাশৰ গতি দ্ৰুত কৰিবৰ বাবে প্ৰশাসনিক আৰু শাসন প্ৰণালীৰ সংশোধন কৰাৰ প্ৰয়োজন । উল্লেখযোগ্য যে ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডে ভাৰতৰ যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাজ্য হিচাবে জন্ম লাভ কৰা আজি ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভৰি দিছে । ৰাজ্য প্ৰতিষ্ঠা এই দিবসত মুখ্যমন্ত্ৰী ৰিঅ'ৱে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ৰিঅ'ৱে নাগালেণ্ড ৰাজ্য প্ৰতিষ্ঠাত আত্মবলিদান দিয়া মহান নগা নেতাসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।

অনুষ্ঠানত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী , উপমুখ্যমন্ত্ৰী ৱাই পাট্টন আৰু কেবিনেট সতীৰ্থ উপস্থিত থাকে । নাগালেণ্ড আৰক্ষীয়ে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ক গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰে । ইফালে বুধবাৰৰ বিয়লি পৰা ক'হিমাৰ পৰা ২০ কিলোমিটাৰ নিলগৰ কিছামা নগা ঐতিহ্য গাঁৱত দহদিনীয়াকৈ আৰম্ভ হৈছে ২২ সংখ্যক বিশ্বপ্ৰসিদ্ধ হৰ্ণবিল উৎসৱ । বিয়লি ৪ বজাত নাগালেণ্ডৰ পৰ্যটন বিভাগে আয়োজন কৰা এই ২২ সংখ্যক হৰ্ণবিল উৎসৱত নগা পৰম্পৰাগত আশীৰ্বাদ দি উদ্বোধন কৰে নাগালেণ্ডৰ ম'ন জিলাৰ লংৱা গাঁৱৰ পিতৃ স্বৰূপ মুখীয়াল মাননয়েম ৱাঙনাৱে ।

ইয়াৰ পিছত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাগালেণ্ড ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' । হৰ্নবিল উৎসৱ উদ্বোধনী ভাষণত ৰাজ্যপাল জগদীশ মুখীয়ে কয়- নাগালেণ্ডৰ উৎসৱৰ ভূমিলৈ সকলোকে আদৰণি জনাইছো । এই হৰ্নবিল উৎসৱৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে দেশ -বিদেশৰ অতিথিসকলক মন্ত্ৰমুগ্ধ কৰিব । প্ৰফেছৰ মুখীয়ে আৰু কয় হৰ্নবিল উৎসৱ এই দহদিনীয়া সাংস্কৃতিক সমাৰোহত নগাসকলৰ বিভিন্ন দুঃসাহসিক ক্ৰীড়া আৰু সংগীতানুষ্ঠান দেখিবলৈ পোৱা যাব। তেওঁ নগা যুৱ প্ৰজন্মক চহকী পৰম্পৰা আৰু সংস্কৃতিক সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে আহবান জনায় । লগতে ইক টুৰিজিমে আমাৰ আৰ্থ সামাজিক বিকাশৰ বহু সম্ভাৱনা সৃষ্টি কৰা বুলি মন্তব্য কৰে ।

মুখীয়ে নগা বিদ্ৰোহীৰ সৈতে হ'ব লগা বহু প্ৰতীক্ষিত নগা চুক্তি স্বাক্ষৰ বাবে বৰ বেছি দূৰ নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইফালে সুৰ্দীঘ দুটা বছৰৰ বিৰতিমূৰত কিছামা ঐতিহ্য গাঁৱত অনুষ্ঠিত ২২সংখ্যক হৰ্নবিল উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে কয়- হৰ্নবিল উৎসৱ দেশৰ আটাইতকৈ ডাঙৰ পৰ্যটন উৎসৱত পৰিণত হৈছে । এই পৰ্যটন উৎসৱ বৰ্তমান বিভিন্ন ক্ষেত্ৰত হাজাৰ সম্ভাৱনা সৃষ্টি কৰিছে । ই স্থানীয় অৰ্থনীতিত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । হৰ্নবিল উৎসৱে নাগালেণ্ডৰ পৰ্যটন অৰ্থনীতিৰ শুভাৰম্ভ কৰিছে । এয়া আমাৰ চৰকাৰৰ গ্ৰহণ কৰা এক পলিচি । পৰ্যটকৰ সুবিধাৰ বাবে বৰ্তমান আমি এই হৰ্নবিল উৎসৱ নাগালেণ্ডৰ ছয়খন জিলাত উদযাপন কৰিছো । হৰ্নবিল উৎসৱ হৈছে নগাসকলৰ একতাৰ প্ৰতীক ।

আজিৰ এই হৰ্নবিল উৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ভাৰতস্থ ইজৰাইলৰ ৰাষ্ট্ৰদূত মিঃ নাওৰ গিলন , মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কনছুলৰ জেনেৰেল মিচ মেলিন্দা পাভেক আৰু জাৰ্মানীৰ কনছুলৰ জেনেৰেল মিঃ মেনফ্ৰিড আছবাৰ । ইয়াৰ পাছতে আন্তৰ্জাতিক হৰ্নবিল ফটো প্ৰদৰ্শনী উদ্বোধন কৰে নাগালেণ্ডৰ সাংস্কৃতিক বিভাগৰ উপদেষ্টা আবু মেথাই । উল্লেখযোগ্য যে হৰ্নবিল উৎসৱ নাগালেণ্ড আৰু চুবুৰীয়া ৰাজ্যৰ বহু জনগোষ্ঠী তেওঁলোকৰ বৰ্ণিল লোক কৃষ্টি আৰু লোকনৃত্য আজি নগা ঐতিহ্য গাঁও কিচামা বাকৰি ৰঙ -বিৰঙ আলোকৰে উজ্বলি উঠিছে । কিছামা ঐতিহ্য গাঁৱত অনুষ্ঠিত এই দহদিনীয়া হৰ্নবিল উৎসৱত প্ৰত্যেক দিনাই বিভিন্ন প্ৰতিযোগিতা আৰু জনগোষ্ঠী লোকনৃত্য প্ৰদৰ্শিত হ'ব। হৰ্নবিল উৎসৱ উপভোগ কৰিবলৈ স্থানীয় আৰু দেশৰ বিভিন্ন ঠাইৰ পৰ্যটকৰ আগমন ঘটিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in