হস্তীদণ্ডীৰ ২.২ কিঃমিঃ বেৰা নুমলীগড় শোধনাগাৰক ভাঙি পেলোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

হস্তীদণ্ডীৰ ২.২ কিঃমিঃ বেৰা নুমলীগড় শোধনাগাৰক ভাঙি পেলোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ নুমলীগড় শোধনাগাৰৰ সকলো চল-চাতুৰী উফৰাই শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে শোধনাগাৰে জনোৱা অৱশেষ আবেদনখনো খাৰিজ কৰে। লগতে এই সন্দৰ্ভত দিয়া ৰায়ত ন্যায়ালয়ে কয় যে' বন্যহস্তীৰ চলাচলৰ পথ তথা প্ৰস্তাৱিত বনাঞ্চলৰ এলেকা দখল কৰি শোধনাগাৰৰ চৌহদত নিৰ্মাণ কৰা ২.২ কি:মি: দৈৰ্ঘ্যৰ দেৱাল অতি শীঘ্ৰেই ভাঙি পেলাব লাগিব আৰু এই অঞ্চলত হস্তীৰ চলাচলত কোনো বাধাৰ সৃষ্টি কৰিব পৰা চহৰ নিৰ্মাণৰ পৰিকল্পনা কৰিব নোৱাৰিব।

ৰায়টোত উচ্চতম ন্যায়ালয়ৰ অভিমত হ'ল- বনাঞ্চলত বন্যহস্তীৰ প্ৰধান অধিকাৰ। এই বন্যহস্তী নিৰ্ধাৰিত বাটেৰে কোনো কাৰ্যালয়লৈ নাযায়। সেয়েহে আমি বন্যহস্তী বিচৰণ কৰা এলেকা কোনো কাৰণতে অধিগ্ৰহণ কৰিব নোৱাৰো। বন্যহস্তীৰ লগতে কাজিৰঙাৰ সুৰক্ষা আমাৰ প্ৰথম আৰু প্ৰাথমিক দায়িত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in