পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ নিৰ্বাচনৰ শেহতীয়া আপডেট…

পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ নিৰ্বাচনৰ শেহতীয়া আপডেট…

ডিজিটেল ডেস্কঃ শান্তিপূৰ্ণভাৱে পুৱাৰে পৰা অব্যাহত আছে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ ভোটগ্ৰহণ। দুয়োখন ৰাজ্যত কেইবাগৰাকীও ৰথী-মহাৰথীৰ ভাগ্য নিৰ্ণয় কৰিব জনতাই।

দুপৰীয়া ২বজালৈকে পঞ্জাৱত ৪০.১০শতাংশ আৰু উত্তৰ প্ৰদেশত ৪১.৮৮ শতাংশ ভোটাধিকাৰ সাব্যস্ত কৰিছে জনতাই। উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ প্ৰদেশত আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

পঞ্জাৱৰ ২৩খন জিলাৰ ১১৭টা সমষ্টিত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। উত্তৰ প্ৰদেশৰ ১৬খন জিলাৰ ৫৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in