ফুৰাবলৈ আনি নাৱত দুই বোৱাৰীক বলাৎকাৰৰ অভিযোগঃ নাৰী দেহৰ ব্যৱসায়ৰ সৈতে জড়ত এটাক আটক...

MAYONG
MAYONG

ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ মায়ং আৰক্ষীৰ জালত পৰিছে এজন নাৰী দেহ ব্যৱসায়ৰ সৈতে জড়িত লম্পট। ধৃত লম্পটটোৰ নাম কমল মণ্ডল বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ পৰা জানিব পৰা মতে মায়ঙৰ পাভকাতি আৰু ধামখুন্দা গাঁৱৰ দুগৰাকী বোৱাৰীক ফুৰাৰ চলেৰে ব্ৰহ্মপুত্ৰৰ নদী পথেৰে দৰঙলৈ কমল মণ্ডল নামৰ লম্পটটোৱে লৈ গৈছিল। তাতেই দুটা নিশা কটাই পুনৰ ঘৰলৈ বুলি শনিবাৰে উভতি আহে মেচিন চালিত নাৱেৰে।

অৱশ্যে নাৱেৰে আহি থকা সময়ত দৰং জিলাৰ অন্তৰ্গত কায়ামাৰি চৰত নিশা থকাৰ পৰিকল্পনা কৰিছিল যদিও সেই চৰটোত নাথাকি ঘৰ অভিমুখে আহি থকাৰ সময়তে মেচিন নাৱতেই বোৱাৰী দুগৰাকীক ধৰ্ষন কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

শনিবাৰে সন্ধিয়াৰ ভাগত কাছশিলাত সন্দেহজনক অৱস্থাত বোৱাৰী দুগৰাকীৰ সৈতে কমলক দেখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতেই আৰক্ষীৰ লোকে সেই স্থানৰ পৰা থানালৈ তিনিওজনকে লৈ আনে।

ইফালে বোৱাৰী দুগৰাকীৰ অভিযোগৰ ভিত্তিত এজাহাৰ লৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । অৱশ্যে বোৱাৰী দুগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা কোনো এজাহাৰ দিয়া নাই বুলিও জানিব পৰা গৈছে।

ইতিমধ্য কাছশিলা গাৱৰ লম্পট চৰিত্ৰৰ কমল মণ্ডলক গ্ৰেপ্তাৰ কৰি আজি পুনৰ নাৱেৰে ব্ৰহ্মপুত্ৰৰ মাজত থকা কায়ামাৰী চৰলৈ কমলক লগত লৈ গৈছে আৰক্ষীয়ে। চৰ অঞ্চলটোৰ পৰা আৰক্ষীৰ দলে ধৰ্ষন কাৰীক আটক কৰিবলৈকে কমলক লগত লৈ এই অভিযান চলাইছে। এই ঘটনাই মায়ং অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in