কোৰোনামুক্ত হ’ল অৰুণাচল প্ৰদেশ!

কোৰোনামুক্ত হ’ল অৰুণাচল প্ৰদেশ!

প্ৰতিদিন সংবাদ, ইটানগৰ: কৰোনাত আক্ৰান্ত অৰুণাচল প্ৰদেশৰ প্ৰথমজন ৰোগী কৰোনা ভাইৰাছৰ পৰা মুক্ত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী পেমা খান্দুৱে । অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ মেডো নামৰ ঠাইখনৰ বাসিন্দা আব্দুল খান তালুকদাৰ কৰোনাত আক্ৰান্ত হৈছিল ।

বৃহস্পতিবাৰৰ তেওঁৰ তৃতীয়টো কৰোনা ভাইৰাছৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় আৰু কৰোনা নিগেটিভ ওলায় । নিজামুদ্দিন মাৰ্কাজ তবলিগিত যোগদান কৰা আব্দুল খান তালুকদাৰৰ কৰোনা নিগেটিভ ঝলোৱিৰ পাছত অৰুণাচল প্ৰদেশ এতিয়া কৰোনা মুক্ত ৰাজ্যত পৰিণত হ'ল ।

অৱশ্যে এতিয়াও ৰাজ্যখনৰ প্ৰায় তিনি শতাধিক লোকক কোৱাৰেইন্টিন কৰি ৰখা হৈছে । যোৱা দুই এপ্ৰিলত আব্দুল খান তালুকদাৰৰ কৰোনা পজিটিভ বুলি ধৰা পৰিছিল । ডিব্ৰুগড়ৰ খই চি এম আৰত সম্পন্ন হৈছিল আব্দুল খানৰ কৰোনা পৰীক্ষা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in