তেজপুৰৰ সহস্ৰাধিক পৰিয়ালৰ মাজত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ খাদ্য সামগ্ৰী বিতৰণ …

তেজপুৰৰ সহস্ৰাধিক পৰিয়ালৰ  মাজত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ খাদ্য সামগ্ৰী বিতৰণ …

ডিজিটেল সংবাদ, তেজপুৰঃ কোৰোনা ভাইৰাছৰ সংক্ৰমনে দেশৰ লগতে অসমতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । এনে সময়তে কৰোনা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ ফলত নিজ গৃহত আবদ্ধ হৈ পৰা তেজপুৰৰ সহস্ৰাধিক  পৰিয়ালৰ  মাজত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা  আজি বিষয়ববীয়া সকলে বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে ।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিতুল বৰাৰ তত্বাৱধানত আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি , সম্পাদকৰ লগতে  বিষয়ববীয়া      সকলে তেজপুৰৰ মাজগাঁও , চান্দমাৰী , মিলনপুৰ আৰু গেৰেকীকে ধৰি বিভিন্ন এলেকাৰ সহস্ৰাধিক পৰিয়ালক বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰে ।

ছাত্ৰ সন্থাৰ নেতা কৰ্মী সকলে ঘৰে ঘৰে গৈ ডাইল , মিঠাতেল , চাউলকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী সমুহ সকলো পৰিয়ালৰে মাজত বিতৰণ কৰে । এইক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিতুল বৰাই কয় আমি  তেজপুৰত সহস্ৰাধিক পৰিয়ালৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আৰু বহু পৰিয়ালৰ মাজতো  বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰিম । 

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in