ৰবীন বৰুৱা...

author-image
Asomiya Pratidin
New Update
ৰবীন বৰুৱা...

rabin baruah

মৃদুল কুমাৰ সন্দিকৈ

'ৰবীন বৰুৱাক মই প্ৰথম লগ পাইছিলো/ এটা দুপৰীয়াত/ সেইদিনাৰ পৰা মই/ সকলো দুপৰীয়াৰ নাম ৰাখিছিলো ৰবীন বৰুৱা।' - 'ৰবীন বৰুৱাৰ নামত এটা কবিতা' শীৰ্ষক কবিতাটোত ৰবীন বৰুৱাৰ কথা এইদৰে লিখিছিল নীলিম কুমাৰে।

বহুতে তেওঁক লগ পোৱা নাছিল। কিন্তু প্ৰায় সকলোৰে বাবে তেওঁ পৰিচিত আছিল। গল্পকাৰে 'প্ৰান্তিক'লৈ গল্প পঠাই। ডাঃ নন্দিতা দেৱীও গল্প পঠাইছিল প্ৰান্তিকলৈ। পাঠকে সেই গল্প প্ৰান্তিকৰ পাঠত পঢ়িছিল।

গল্প প্ৰকাশ হোৱাৰ পাছত গল্পকাৰে অনুভৱ কৰিছিল শব্দতকৈ তেওঁৰ যাদুকৰী তুলিকাৰে কৈ পেলাইছিল গল্পটোৰ আধা-আধি কথা। গল্পকাৰৰ ভাষাত-' দুহেজাৰ দুই, তিনি চনমানৰ কথা। প্ৰান্তিকত মোৰ 'বান্দী' নামেৰে এটি গল্প প্ৰকাশ পায়। প্ৰান্তিকখন হাতত লৈ মই বহুপৰ তভক মাৰি চাই ৰৈছিলোঁ। মোৰ এনে লাগিছিল গল্পটোত মোৰ ক'বলগীয়াখিনি, গল্পত সন্নিৱিষ্ট চিত্ৰখনেহে যেন যথাযথভাৱে ফুটাই তুলিছে। খিৰিকীৰে দেখা যশোদা বৌজনী সৌৱা বাঁহনি তলৰ পোতা পুখুৰীটোৰ পাৰত। ...ইয়াৰ পাছতো প্ৰান্তিকত প্ৰকাশিত মোৰ প্ৰতিটো গল্পতে সন্নিৱিষ্ট চিত্ৰবোৰ ৰবীন বৰুৱাদেৱে যাদুকৰী তুলিকাত জীৱন্ত হৈ উঠিছি, যিবোৰ গল্পটোৰ আধা-আধি কথাই কৈ পেলাইছিল। '

এজন নীৰৱ অন্তঃমুখী চিত্ৰশিল্পী আছিল তেওঁ। প্ৰচোৰ শিল্পবোধৰ অধিকাৰী। আকোঁ বুলিলেই আঁকি পেলাব পাৰিছিল এখন সাধাৰণ যেন লগা অসাধাৰণ ছবি। তেওঁৰ তুলিকাৰে জীৱন্ত হৈছে ক'ত গল্প, ক'ত কবিতা তাৰ হিচাপ হয়তো তেওঁ নিজেই ৰখা নাছিল।

নীৰৱ এই শিল্পীগৰাকীৰ বাবে চিত্ৰশিল্পই আছিল সকলো। ৰং আৰু তুলিকাৰ আজন্ম প্ৰেমিক। এক সুকীয়া পৰিচয়েৰে মানুহৰ মাজত থৈ গ'ল বহু স্মৃতি। ১৯৫০ চনৰ ১৫ জুনত যোৰহাটৰ চাৰি গাঁৱত জন্ম হৈছিল চিত্ৰ শিল্পী ৰবীন বৰুৱা।

তাতেই স্কুলীয় শিক্ষা গ্ৰহণ কৰি বাহনা উচ্চ ইংৰাজী বিদ্যালয়ত পঢ়ি থকাৰ সময়তে আন এগৰাকী চিত্ৰশিল্পীৰ সান্নিধ্য লাভ কৰে। চিত্ৰ শিল্পী মাধৱ বৈশ্যৰ ছবিয়ে তেওঁক প্ৰভাম্বিত কৰিছিল।

সৃষ্টিশীলতাৰ মাজতেই বিচৰণ কৰি থকা ৰবীন বৰুৱাই চিত্ৰ শিক্ষাৰ শিক্ষা ল'বলৈ গুছি আহিছিল গুৱাহাটীলৈ। নামভৰ্তি কৰিছিল চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত। লগ পাইছিল সেইসময়ত বহু প্ৰতিষ্ঠিত চিত্ৰশিল্পীক।

পিতৃৰ বিয়োগ হ'ল। ঘৰলৈ তেওঁ ঘূৰি গ'ল। ৰং, তুলিকা নেৰিলে। ৰং, তুলিকাকে সম্বল কৰি জীৱনৰ যোগ দিলে যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ শিক্ষক হিচাপে। বহুবছৰ তেওঁ এই কাম কৰি নতুন প্ৰজন্মক চিত্ৰকলাৰ জ্ঞান বিলালে।

যোৰহাটৰ পৰা সেই সময়ত প্ৰকাশ হৈছিল এখন শিশু আলোচনী। নাম আছিল মৌচাক। শিশুসকলৰ মৰমৰ আলোচনী আছিল এইখন। আলোচনীখনত আছিল শান্তনু তামুলীৰ প্ৰাণ।

মৌচাকৰ অলংকৰণৰ দায়িত্ব দিয়া হ'ল ৰবীন বৰুৱাক। ১৯৮৪ চনৰ কথা সেয়া। সেই সময়ত তেওঁ বহু সম্পৰীক্ষা কৰিলে চিত্ৰকলাৰ জৰিয়তে। শিশুৰ মনস্বতত্বক তেওঁ তুলি ধৰিলে ৰেখাৰ মাধ্যমেৰে।

ৰবীন বৰুৱা আকৌ গুৱাহাটী ঘূৰি আহিল। এইবাৰ কাষত ড০ ভৱেন্দ্ৰনাথ শইকীয়া। সফুৰা, প্ৰান্তিকৰ চিত্ৰশিল্পী হিচাপে যোগদান কৰি প্ৰান্তিকৰ ব্যাখ্যা চিত্ৰ অংকন কৰি গ'ল। সেইগৰাকী চিত্ৰশিল্পী ৰবীন বৰুৱাই সমান্তৰাল ভাৱে আঁকি গ'ল ছবি। আঁকিলে বহু কিতাপৰ বেটুপাত।

তেওঁ কেৱল আঁৰত থাকে। প্ৰাচুৰ্যতাৰ পিছত তেওঁ কেতিয়াও নদৌৰিলে। নেশ্যনেল বুক ট্ৰাষ্ট পেনেলৰ তেওঁ নিয়মীয়া চিত্ৰ শিল্পী আছিল। ২০১৯-২০ বৰ্ষত শিল্পী পেঞ্চন লাভ কৰিছিল।

প্ৰতিকৃতী চিত্ৰ অংকনত তেওঁৰ আছিল বিশেষ দক্ষতা। গল্প, উপন্যাস, সাধুৰ বাবে অংকন কৰিছিল নিজস্ব শৈলীৰে ব্যাখ্যা চিত্ৰ। ২০২২ চনৰ ২০ জুনৰ নিশা তেওঁ ইহলীলা সম্বৰণ কৰিলে।

নীৰৱ শিল্পীজন নীৰৱেই গুছি গ'ল। ছবিৰেই তেওঁ জীৱন অতুলনীয় কৰি ৰাখিলে। অভিনৱ দক্ষতাৰে অঁকা চিত্ৰবোৰ প্ৰান্তিকৰ পাতে পাতে ৰৈ গ'ল। সেই অনন্য মানুহজনৰ ছবিবোৰ সকলোৱে দেখিছে। কিন্তু মানুহজনক হয়তো কোনো কোনোৱে লগ পোৱা নাই।

আপোন শিল্পী আছিল তেওঁ। বিষন্ন মনৰ অভিমানী মানুহ। নান্দনিক শিল্পী সুলভ কুশলতাৰে কেৱল জীৱনটো ছবি আঁকিলে। প্ৰান্তিকৰ পৰা অৱসৰ লোৱাৰ পাছত জীৱনলৈ প্ৰত্যাহ্বান নামিছিল।

তেওঁ শিল্প কৰ্মৰ মূল্যায়ন কিছু হৈছে আৰু হোৱাৰ প্ৰয়োজন আছিল। মানুহে তেওঁক ভাল পাইছিল। তেওঁৰ শিল্পীসুলভ দৃষ্টি ভংগীৰে নতুনকৈ চোৱাৰ অৱকাশ বিচাৰিছিল। ইমান ভালপোৱা মানুহ থকাৰ পাছতো তেওঁ মৃত্যুৰ পাছত তেওঁৰ ছবিবোৰেৰে ষ্টেট আৰ্ট গেলাৰীত তেওঁৰ শিল্প কৰ্মৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছিল।

২৫ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰ ২০২২ লৈ আয়োজন কৰা এই প্ৰদৰ্শনীৰ ৪ দিন ইতিমধ্যে অতিক্ৰম কৰিলে। ২৯ ছেপ্টেম্বৰ ২০২২ ত শেষ হ'ব। কিন্তু কিমান মানুহ আহিলে তেওঁৰ শিল্পৰ ৰস আস্বাদানৰ বাবে?

হয়তো আমি শিল্পৰসিক হ'বলৈয়ে শিকা নাই। মুখতহে কওঁ শিল্পীক ভাল পাওঁ। নহ'লেনো ৰবীন বৰুৱাৰ এই শিল্প কৰ্মবোৰৰ কাষত মানুহেই মানুহ হৈ নাথাকিল হেতেন নে?

rabin baruah