লকডাউন বৃদ্ধি হ’বনে! প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিং LIVE UPDATES

লকডাউন বৃদ্ধি হ’বনে! প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিং LIVE UPDATES

সময় দিনৰ ২.৩০ বজাতঃ আজিৰ বৈঠকৰ অন্তত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক লকডাউন উঠাবলৈ পৰ্যায়ক্ৰমে প্ৰস্তুতি চলাবলৈ পৰামৰ্শ আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোডীয়ে। ইয়াৰ বাবে সংক্ৰমণৰ ওপৰত ভিত্তি কৰি জিলাসমূহক ৰেড, গ্ৰীণ আৰু অৰেঞ্জ আদি জ'নত ভাগ কৰিবলৈকো কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

সময় দিনৰ ২.০০ বজাতঃ আজিৰ বৈঠকত ভাগ লৈ আলোচনাত ভাগ লোৱা ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত ৫জনে আৰ্থিক স্থিতিক পুনৰ স্বাভাৱিক কৰি তোলাৰ স্বাৰ্থত লকডাউন খোলাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

সময় দিনৰ ১.৫০ বজাতঃ এই আলোচনাকালত  লকডাউন অধিকভাৱে সংক্ৰমিত হোৱা অঞ্চলসমূহতহে কঠোৰভাৱে ৰূপায়ণ কৰিব বুলিও সদৰী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লকডাউন স্তৰ অনুযায়ী উঠাই দিবলৈ চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও বৈঠকত জনায় মোডীয়ে।

সময় দিনৰ ১১.৫২ বজাতঃ বৈঠকত অংশ লৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে।

সময় দিনৰ ১১.৫০ বজাতঃ এই বৈঠকত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, কোৰোনাক প্ৰতিহত কৰিবলৈ সকলো পন্থা অৱলম্বন কৰা হব। ভাৰতে সঠিক সময়ত লকডাউন প্ৰযোজ্য কৰিছিল।

সময় দিনৰ ১১.৪৭ বজাতঃ কেৰালাৰ মু্খ্যমন্ত্ৰীয়ে অংশ লোৱা নাই এই বৈঠকত। ইতিমধ্যে কেৰালা চৰকৰাৰ পৰামৰ্শ লিখিত ৰূপত দিছে প্ৰধানমন্ত্ৰীক। ভিডিঅ কনফাৰেন্সিঙত কেৰালাৰ মুখ্য সচিবে লব অংশ।

সময় দিনৰ ১১.৪০ বজাতঃ প্ৰধানমন্ত্ৰীৰ বৈঠকত অংশ লৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। কিছু সময়ৰ পূৰ্বে সংযুক্ত হৈছে মুখ্যমন্ত্ৰীগৰাকী।

সময় দিনৰ ১১. ২৪ বজাতঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে জনায় ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত।

সময় দিনৰ ১১.১৮ বজাতঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে লৈছে অংশ।

সময় দিনৰ ১১.১০ বজাতঃ বিভিন্ন ৰাজ্যৰ কোভিড-১৯ক লৈ শেহতীয়া পৰিস্থিতি বুজ ল'লে প্ৰধানমন্ত্ৰীয়ে।

সময় দিনৰ ১১.০৮ বজাতঃ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক আৰম্ভ প্ৰধানমন্ত্ৰীৰ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in