আৰক্ষীৰ লাঠিত বাঁহীৰ সুৰৰ লহৰ, শুনিলে আপোনাৰো মন শাত পৰিব, VIDEO

আৰক্ষীৰ লাঠিত বাঁহীৰ সুৰৰ লহৰ, শুনিলে আপোনাৰো মন শাত পৰিব, VIDEO

ডিজিটেল ডেস্কঃ এজন আৰক্ষী কৰ্মী। হাতত লাঠিডাল লৈ তেওঁ ৰাজপথত দায়িত্ব পালন কৰিব লাগে। নিজৰ দায়িত্ব তেওঁ পূৰ্ণ নিষ্ঠা আৰু সততাৰে পালন কৰি আহিছে। কিন্তু তাৰ মাজতো তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দি আহিছে। তেওঁৰ এই প্ৰতিভাই ৰাজপথত কেতিয়াবা মানুহৰ ভিতৰৰ সৃষ্টি কৰে। কেতিয়াবা আকৌ তেওঁৰ নিজৰেই নিসংগতা দূৰ কৰে।

কৰ্ণাটকৰ হুবলি গ্ৰাম্য আৰক্ষী চকীত হেড কনিষ্টবল হিচাপে কৰ্মৰত তেওঁ। দেশ সেৱাৰ প্ৰতি নিজৰ জীৱন দিবলৈও প্ৰস্তুত এইগৰাকী আৰক্ষী কৰ্মীয়ে দায়িত্বৰ বাবে চৰকাৰে প্ৰদান কৰা ফাইবাৰৰ লাঠি ডালকেই বাঁহীলৈ ৰূপান্তৰিত কৰিছে। ৰাজপথত কৰ্তব্য পালনৰ সময়তে তেওঁ সেই লাঠিডালত সূৰৰ মূৰ্চনা তোলে। যিয়ে পথচাৰীক এখন্তেক ৰৈ সেই সুৰৰ লহৰ শুনিবলৈ বাধ্য কৰায়।

হেড কনিষ্টবল চন্দ্ৰকান্ত এছ হুতাগীয়ে হাইস্কুলত পঢ়ি থকা দিনৰ পৰাই বাঁহী বজাই আহিছে। এদিন তেওঁ এজন প্ৰখ্যাত বাঁহী বাদক হোৱাৰ সপোন দেখিছিল। কিন্তু তাৰ সমান্তৰালভাৱে তেওঁৰ দেশ সেৱাৰ প্ৰতি থকা ইচ্ছা আৰু পৰিয়ালৰ তাড়নাত আৰক্ষীৰ চাকৰিত যোগদান কৰে।

'মই মোৰ কৰ্মব্যস্ততাৰ মাজতে কেতিয়াবা ভাগৰবোৰ বাঁহীৰ মাজেৰে আঁতৰোৱাৰ চেষ্টা কৰো। ঘৰত গৈ বাঁহী বজোৱাৰ সময় মোৰ নাই। সেয়ে আৰক্ষীৰ এই লাঠিডালকে মই বাঁহীৰ ৰূপ দি লৈছো। তাতেই কেতিয়াবা সুৰ তোলো। ইয়ে মোৰ মন প্ৰশান্ত কৰাই নহয়, আনকো সুখী কৰা যেন বোধ হয়।' -এনেদৰে কয় হেড কনিষ্টবল চন্দ্ৰকান্ত এছ হুতাগীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in