কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ প্ৰফুল্ল কুমাৰ দাসৰ

সাক্ষাৎকাৰত প্ৰফুল্ল কুমাৰ দাসে দল ত্যাগৰ মূল কাৰণসমূহ স্পষ্টভাৱে প্ৰকাশ কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইটি চেলৰ অধ্যক্ষ পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ পিছতে সদ্য প্ৰাক্তন নেতা প্ৰফুল্ল কুমাৰ দাসে ব্ৰহ্মপুত্ৰ অতিথিশালাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকাৰত প্ৰফুল্ল কুমাৰ দাসে দল ত্যাগৰ মূল কাৰণসমূহ স্পষ্টভাৱে প্ৰকাশ কৰে। 

WhatsApp Image 2025-12-07 at 2.03.14 PM

সাংবাদিকতা আৰু ৰাজনীতি উভয় ক্ষেত্ৰতেই দীৰ্ঘদিন ধৰি সক্ৰিয়ভাৱে কাম কৰি অহা প্ৰফুল্ল কুমাৰ দাসে বহুদিন ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু আইটি বিভাগৰ দায়িত্ব পালন কৰিছিল। দল ত্যাগৰ প্ৰসংগত পবিত্ৰ মাৰ্ঘেৰিটাই সোধা প্ৰশ্নৰ উত্তৰ দি প্ৰফুল্ল কুমাৰ দাসে কয়,  “মই দলৰ সামাজিক মাধ্যমৰ মুৰব্বী আছিলোঁ, কিন্ত দলৰ মিঞাপ্ৰেম ইমানেই তুংগত উঠিছে যে আচল ৰণকৌশল আৰু প্ৰপাগেণ্ডাবোৰ গম পালে কোনো স্বাভিমানী অসমীয়া দলটোত থাকিব নোৱাৰে।দলৰ মূল নেতাই উচ্ছেদৰ বিপক্ষে নেৰেটিভ সৃষ্টি কৰিবলৈ, আবেগ সৃষ্টি কৰিবলৈ যেতিয়া অৰ্ডাৰ দিয়ে, ইয়াতকৈ ভয়ংকৰ আৰু কি হ’ব পাৰে।

WhatsApp Image 2025-12-07 at 2.03.14 PM (1)

প্ৰণিধানযোদগ্য যে, প্ৰফুল্ল কুমাৰে উল্লেখ কৰা মতে, কংগ্ৰেছৰ ভিতৰত আদৰ্শমূলক ৰাজনীতি ক্ষয়িষ্ণু হৈ পৰিছে আৰু স্থানীয় জনগোষ্ঠীৰ স্বাৰ্থ অথবা ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত ভোট-বেংক ভিত্তিক ৰাজনৈতিক সমীকৰণক অধিক প্ৰাধান্য দিয়া হৈছে। এই সামগ্ৰিক পৰিৱেশই তেওঁক গভীৰভাৱে বিচলিত কৰিছিল। তেওঁ কয় যে- “দলৰ ভিতৰত ইমান দিন কাম কৰি লক্ষ্য কৰিলোঁ, অসমীয়াৰ যিকোনো ন্যায়সঙ্গত বিষয় উত্থাপন কৰিলে তাক দমন কৰিবলৈ চেষ্টা হয়। এনে চৰিত্ৰৰ ৰাজনীতিৰ সৈতে মই নিজকে মিলাব নোৱাৰোঁ। ব্যক্তিগত নীতি আৰু অসমীয়াৰ স্বাভিমান দুয়ো ৰক্ষা কৰিবলৈ মই কংগ্ৰেছ ত্যাগ কৰাৰ কঠিন সিদ্ধান্ত ল'লো। তেওঁৰ হঠাৎ পদত্যাগ আৰু বিজেপিৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাৎতে ৰাজ্যিক ৰাজনৈতিক পৰিসৰত নতুন আলোচনা সৃষ্টি কৰিছে।

প্ৰফুল্ল কুমাৰ দাস