বিটিচিৰ শিক্ষাবিভাগত সালসলনি…

বিটিচিৰ শিক্ষাবিভাগত সালসলনি…

ডিজিটেল সংবাদ,কোকৰাঝাৰ: বিটিচি চৰকাৰে কেইবাগৰাকী শিক্ষা বিষয়াক বুধবাৰে ৰদবদল কৰিছে। সেইমৰ্মে বিটিচি পৰিষদীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে(নং BTC/EDU(HS)33/2019/27) কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মক একে পদতে ওদালগুৰী জিলালৈ বদলি কৰিছে।

তদুপৰি চিৰাং জিলাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মক কোকৰাঝাৰলৈ একে পদত বদলি কৰা হৈছে। তদুপৰি জগদীশ প্ৰসাদ ব্ৰহ্মই বিটিচিৰ শিক্ষা সঞ্চালক হিচাপে পূৰ্বৰ দৰেই কাৰ্যনিৰ্বাহ কৰি থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে। আনহাতে বিজয় বৈষ্ণবক চিৰাং জিলাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ অনুমতি প্ৰদান কৰাৰ বিপৰীতে বাক্সা জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক ভৱেন দেউৰীক ওদালগুৰী জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক পদৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।

 ইপিনে কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মক ওদালগুৰী জিলা লৈ বদলি কৰাৰ বাতৰি বিয়পি পৰাৰ পিছতে কোকৰাঝাৰ শিক্ষক সমাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জয়পাল সিং ব্ৰহ্ম এগৰাকী নিষ্ঠাৱান,কৰ্মপটু আৰু দায়িত্বশীল শিক্ষা বিষয়া আছিল বুলি শিক্ষক সমাজে মন্তব্য প্ৰকাশ কৰিছে ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in