খাগৰিজান মহাবিদ্যালয়ত 'উপাহিত বৰ্ণ ' শীৰ্ষক বক্তৃতানুষ্ঠান

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত  খাগৰিজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি 'উপাহিত বৰ্ণ' শীৰ্ষক এখনি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত  সম্বৰ্ধনা অনুষ্ঠানেৰে মুকলি কৰা

author-image
Asomiya Pratidin
New Update
ujjdd

ডিজিটেল  সংবাদ, বেবেজীয়াঃ  নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত  খাগৰিজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি 'উপাহিত বৰ্ণ' শীৰ্ষক এখনি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত  সম্বৰ্ধনা অনুষ্ঠানেৰে মুকলি কৰা অনুষ্ঠানটিত উদ্বোধনী ভাষণ আগবঢ়ায় খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে।  

ভাষণত অধ্যক্ষ ড° ৰমেশ নাথে মনোযোগ আয়ত্বকৰণত ৰসৰ ভূমিকাৰ দিশটোত বিশেষভাৱে আলোকপাত কৰে। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে  খাগৰিজান মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা কোষতলি মৰিগাঁও চৰকাৰী আদৰ্শ  মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক ড° জোনাৰাম নাথ ।

ছাত্ৰ-ছাত্ৰীৰ উপযোগিকৈ উপাহিত বৰ্ণৰ ব্যৱহাৰ সম্পৰ্কে ড° নাথে সাৰগৰ্ভ বিশ্লেষণ আগবঢ়ায় । অনুষ্ঠানত মহাবিদ্যালয়ৰ  অধ্যাপক-অধ্যাপিকাৰ লগতে ডেৰশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

খাগৰিজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° স্বপনঞ জ্যোতি নাথে আঁত ধৰা অনুষ্ঠানটিত অসমীয়া বিভাগৰ সমূহ অধ্যাপক-অধ্যাপিকাই সক্ৰিয় অংশগ্ৰহণ কৰে। বক্তৃতানুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° গীতিৰেখা ভূঞাই।