/asomiyapratidin/media/media_files/2025/11/30/1-2025-11-30-19-07-06.jpg)
ডিজিটেল সংবাদ,জাগীৰোডঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ পৰিয়াল বৰ্গৰ উমৈহতীয়া সংগঠন সদৌ অসম জাতীয় শ্বহীদ পৰিয়ালসমন্বয়ৰক্ষী পৰিষদৰ এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা জাগীৰোডৰ শ্বহীদ লক্ষী ডেকা মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। পৰিষদৰ সভাপতি ৰাজেন ডেকা সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/whatsapp-image-2025-11-30-19-03-14.jpeg)
বিশেষকৈ অসমৰ ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যদা প্ৰদান কৰাৰ সন্দৰ্ভত গ্ৰহণ কৰা অসম চৰকাৰৰ পদক্ষেপক পৰিষদে আদৰণি জনায়। আনহাতে আগন্তুক ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ দিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি কৰিবলৈ লোৱা পদক্ষেক পৰিষদে সন্তুষ্টি প্ৰকাশ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/30/1-2025-11-30-19-03-32.jpeg)
ইপিনে পৰিষদৰ এই সভাত অসম আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালৰ দুৰ্ভগীয়া লোকসকলৰ বাবে চৰকাৰী অতি শীঘ্ৰে এক সস্থাপন আঁচনি মুকলি কৰিবলৈ পৰিষদে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। অসম চুক্তিৰ ৰূপায়নৰ কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰিবলৈও পৰিষদে আহ্বন জনায়। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ সম্পাদক তথা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে। সভাত পৰিষদৰ উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মা, উপ-সভাপতি খগেন হাজৰিকা, বিত্তীয় সম্পাদক কন্দৰ্প কুমাৰ ডেকাৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us