মেট্ৰিকত ভাল ৰিজাল্ট দিয়াৰ নামত বৃহৎ ধনৰ লেনদেন! কামৰূপৰ IS অফিচত আৰক্ষীৰ অভিযান…

মেট্ৰিকত ভাল ৰিজাল্ট দিয়াৰ নামত বৃহৎ ধনৰ লেনদেন! কামৰূপৰ IS অফিচত আৰক্ষীৰ অভিযান…
  • কামৰূপৰ IS অফিচত কামৰূপ আৰক্ষীৰ বৃহৎ অভিযান ।
  • এইবাৰ MONEY FOR JOB নহয় এইবাৰ MONEY FOR RESULT ।
  • মেট্ৰিকত ভাল ৰিজাল্ট দিয়াৰ নামত বৃহৎ ধনৰ লেনদেন ।
  • ধনৰ বিনিময়ত প্ৰথম বিভাগ,ষ্টাৰ, ডিষ্টিংচন, স্থান নিৰ্ধাৰন মেট্ৰিক পৰীক্ষাৰ ।
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বে মূল্যয়নৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী ।
  • কামৰূপ জিলা স্কুল সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত ৪ঘন্টা ধৰি অভিযান কামৰূপ আৰক্ষীৰ ।
  • এশ জনীয়া আৰক্ষীৰ দলে অভিযান চলালে কামৰূপৰ IS অফিচত ।
  • সোধ পোচৰ বাবে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়লৈ নিয়ে কামৰূপ জিলা স্কুল সমূহৰ পৰিদৰ্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক ফুলপাহী নাথ, কাৰ্য্যালয়টোৰ কৰ্মচাৰী প্ৰশান্ত দাসৰ লগতে আন এগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতাক।
  • সোধপোচৰ বাবে আটক কৰা কেউগৰাকীকে পৃথকে পৃথকে মাৰাথান জেৰা অব্যাহত ৰাখিছে কামৰূপ আৰক্ষীয়ে ।
  • অভিযান কালত কামৰূপ জিলা স্কুল সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও লেপটপ, মোবাইল ফোন আৰু বহুতো নথিপত্ৰ ।
  • অভিযানত কামৰূপ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ নগদ ধন ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in