'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ এচিভাৰ বঁটা প্ৰাপকক চৰকাৰৰো সন্মান...

'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ এচিভাৰ বঁটা প্ৰাপকক চৰকাৰৰো সন্মান...

author-image
Asomiya Pratidin
New Update
'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ এচিভাৰ বঁটা প্ৰাপকক চৰকাৰৰো সন্মান...

'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ এচিভাৰ বঁটা প্ৰাপকক চৰকাৰৰো সন্মান...

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে ২০২২ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাসমূহ ঘোষণা কৰিলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল যোগে এই বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে।

ভাল খবৰটো হ'ল 'সাদিন প্ৰতিদিন' গোষ্ঠীয়ে এইবাৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ লাভ কৰা বিশিষ্ট কেঞ্চাৰ ৰোগ বিশেষজ্ঞ তপন শইকীয়াক ২০১৯ চনতেই 'হেল্থ এক্সিলেঞ্চি' শিতানত 'এচিভাৰ এৱাৰ্ড'ৰে সন্মানিত কৰিছিল।

উল্লেখযোগ্য যে ডাঃ শইকীয়াৰ উপৰিও বিশিষ্ট বিজ্ঞানী ড০ বিনয় শইকীয়াক 'সাদিন প্ৰতিদিন' গোষ্ঠীয়ে ২০২১ বৰ্ষৰ 'এচিভাৰ এৱাৰ্ডছ'ত 'ছায়েঞ্চ এণ্ড ইনভেশ্যন' শিতানত বঁটা প্ৰদান কৰিছিল। ড০ শইকীয়াক এইবাৰ অসম চৰকাৰে অসম সৌৰভ বঁটাৰে সন্মানিত কৰিছে।

আনহাতে প্ৰতিদিন টাইমে মৎস্য পালনেৰে স্বাৱলম্বী হৈ আদৰ্শ স্থাপন কৰা নলবাৰীৰ বিশিষ্ট মৎস্য পালক দেৱজিৎ বৰ্মনৰ সন্দৰ্ভত এঘণ্টীয়া বিশেষ কাৰ্যসূচী সম্প্ৰচাৰ কৰিছিল। এইগৰাকী মৎস্য পালককো অসম চৰকাৰে চলিত বৰ্ষৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে।

ক্লিক কৰি পঢ়কঃ কপালৰ ঘাম মাটিত পেলাই সেউজীয়াৰ সপোন দেখা খেতিয়কলৈ 'অসম গৌৰৱ বঁটা'