মছজিদৰ বাবে 'কৰসেৱা' কৰিলে সহস্ৰাধিক মুছলমানে, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ বেলডাংগাত শনিবাৰে অযোধ্যাৰ বাবৰি মছজিদৰ আৰ্হিত নিৰ্মাণ কৰা মছজিদৰ আধাৰশিলা স্থাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
new ap web 3 (21)

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ বেলডাংগাত শনিবাৰে অযোধ্যাৰ বাবৰি মছজিদৰ আৰ্হিত নিৰ্মাণ কৰা মছজিদৰ আধাৰশিলা স্থাপন কৰা হয়। তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰৰ নেতৃত্বত স্থাপন কৰা হয় এই আধাৰশিলা ৷ কেইবাজনো মৌলবীৰ সৈতে কবীৰে ফিতা কাটি অনুষ্ঠানটো সম্পূর্ণ কৰে৷ এই অনুষ্ঠানত কেইবাটাও সাম্প্ৰদায়িক মন্তব্য কৰে নিলম্বিত বিধায়ক হুমায়ুন কবীৰে।

এই বিষয়টোৱে এতিয়া দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। বিজেপি নেতা অমিত মালৱিয়াই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ভৱিষ্যতৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জুইৰ সৈতে খেলা-ধূলা কৰি আছে বুলি মন্তব্য কৰে বিজেপি নেতা অমিত মালভিয়াই।

মুৰ্ছিদাবাদৰ বেলডাংগাৰ পৰা পোৱা বাতৰিয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি বিজেপিৰ নেতাগৰাকীয়ে উল্লেখ কৰে যে, মমতা বেনাৰ্জীয়ে ৰাজনৈতিক লাভৰ বাবে মুছলমানৰ আৱেগক মেৰুকৰণৰ বাবে “নিলম্বিত” টিএমচিৰ বিধায়ক হুমায়ুন কবীৰক ব্যৱহাৰ কৰিছে।

ইফালে প্ৰাপ্ত খবৰ অনুসৰি, বিধায়ক কবীৰৰ মুছলমান সমৰ্থকৰ দলে ইটা কঢ়িয়াই বাবৰি মছজিদ বুলি দাবী কৰা ঠাইখন নিৰ্মাণ কৰা দেখা গৈছে। কেইবাখনো ট্ৰাকেৰে ইটা কঢ়িওৱাৰ ফলত ১২ নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যানজঁট দেখিবলৈ পোৱা যায়। আনহাতে ৰাজপথত লক্ষ্যাধিক লোক সমৱেত হোৱাত প্ৰায় ছয় ঘন্টা ধৰি কলিকতা আৰু উত্তৰ বংগ অভিমুখী দুয়োটা লেনতে বাহনৰ চলাচল বন্ধ হৈ পৰে। পশ্চিম বংগ আৰক্ষীয়ে তেওঁলোকক সহায় কৰাৰ লগতে এই কাৰ্যকলাপৰ বাবে নিৰাপত্তা প্ৰদান কৰা বুলিও দাবী কৰিছে বিজেপিয়ে। সমগ্ৰ বিষয়ক কেন্দ্ৰ কৰি এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। 

বাবৰি মছজিদ