সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈ আহিছে খ্ৰীষ্টান যুৱতীকঃ গৃহ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ সংখ্যালঘু আয়োগৰ

সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈ আহিছে খ্ৰীষ্টান যুৱতীকঃ গৃহ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ সংখ্যালঘু আয়োগৰ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে দাবী কৰা মতে, সন্ত্ৰাসবাদীয়ে কূটাঘাত সৃষ্টিৰ বাবে ব্যৱাহৰ কৰি আহিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী যুৱতীসকলক। আয়োগৰ মতে, মুছলমান কট্টৰপন্থীসকলে খ্ৰীষ্টান ধৰ্মাৱলম্বী যুৱতীসকলক লাভ জেহাদৰ চিকাৰ বনাই সন্ত্ৰাসবাদী কাৰ্যকলাপত ব্যৱহাৰ কৰি আহিছে।

সখ্যালঘু আয়োগৰ উপাধ্যক্ষ জৰ্জ কুৰিয়ানে এই সন্দৰ্ভত গৃহ মন্ত্ৰণালয়লৈ এক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা এই কাৰ্যৰ তদন্ত কৰাৰ বাবে দাবী জনাইছে। পত্ৰত ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে বিগত ৭ বছৰত কেৱল কেৰালাতে ৪ হাজাৰোধিক খ্ৰীষ্টান ধৰ্মাৱলম্বী যুৱতী লাভ জেহাদৰ বলি হোৱা বুলি উল্লেখ কৰে।

আয়োগৰ উপাধ্যক্ষগৰাকীয়ে পত্ৰত লিখিছে যে দেশৰ অন্য প্ৰান্তৰ লগতে কেৰালাতো খ্ৰীষ্টান ধৰ্মৰ যুৱতীসকল লাভ জেহাদৰ সহজ বলি হৈ আহিছে। বিশ্ব কেথলিক সন্মিলনৰ এক তথ্য দাঙি ধৰি ২০০৫ চনৰ পৰা ২০১২ চনলৈ অৰ্থাৎ ৭ বছৰত কেৰালাত ৪ হাজাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী যুৱতীক লাভ জেহাদৰ জৰিয়তে সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত কৰা হৈছিল বুলিও গৃহমন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা পত্ৰত লিখিছে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে।

লাভ জেহাদৰ জৰিয়তে ধৰ্মান্তৰ কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত কৰোৱা এনে গভীৰ ষড়যন্ত্ৰক প্ৰতিৰোধ কৰাৰ বাবে গৃহ মন্ত্ৰণালয়ক পদক্ষেপ হাতত ল'বলৈ দাবী জনায় সংখ্যালঘু আয়োগে। উল্লেখ্য যে, চলিত বৰ্ষতো লাভ জেহাদৰ জালত পেলাই কেইবাগৰাকীও যুৱতীক ধৰ্মান্তৰ কৰোৱাৰ ঘটনা পোহৰলৈ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in