ৰোগীৰ হাহাকাৰঃ হাস্পাতালত নাই ৰক্ত

প্ৰসূতি মাতৃগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱা বাবে গোৱালপাৰাৰ পৰা আকৌ বৰপেটা মেডিকেল কলেজ হাস্পাতালত প্ৰেৰণ কৰে। কিন্তু অৱশেষত বৰপেটাত প্ৰসূতি মাতৃগৰাকী মৃত্যু মুখত পৰে। 

author-image
Asomiya Pratidin
New Update
dnt delete copy

ডিজিটেল ডেস্কঃ  ব্লাড বেংক নোহোৱাকৈ চলি আছে ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়। খাৰুৱাবান্ধাস্থিত এছ এম হস্পিতালত এগৰাকী গৰ্ভৱতী মহিলাক ছিজাৰ কৰাৰ পাছত প্ৰসূতিৰ ৰক্ত প্ৰয়োজন হয়। কিন্তু হাস্পাতালখনত ৰক্তৰ অভাৱত প্ৰসূতি মাতৃগৰাকীক সংকটজনক অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ কৰে। প্ৰসূতি মাতৃগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱা বাবে গোৱালপাৰাৰ পৰা আকৌ বৰপেটা মেডিকেল কলেজ হাস্পাতালত প্ৰেৰণ কৰে। কিন্তু অৱশেষত বৰপেটাত প্ৰসূতি মাতৃগৰাকী মৃত্যু মুখত পৰে। 

উল্লেখ্য যে, এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে খাৰুৱাবান্ধা এছ এম হাস্পাতালৰ বিৰুদ্ধে খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। মৃত প্ৰসূতিগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে ধুবুৰী মেডিকেল কলেজ হাস্পাতালত প্ৰেৰণ কৰে। লক্ষণীয় যে, দীর্ঘদিনৰ পৰা এছ এম হাস্পতালত এইদৰে চিকিৎসাসেৱা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। এনাস্থেচিয়া নোহোৱাকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খন চলাই অহাৰ লগতে ব্লাড বেংক নোহোৱাকৈ চলাই থকাৰো অভিযোগ উত্থাপন হৈছে। ব্লাড বেংক নথকা হাস্পতালখনত কেনেকৈ ছিজাৰ কৰিব পাৰে তাক লৈ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইখিনিতে উল্লেখ কৰিব লাগীব যে, হাস্পাতালখনত আব্দুছ ছামাদ নামৰ চিকিৎসকজনৰ তত্বাৱধানত আছিল প্ৰসূতি মাতৃগৰাকী। চিকিৎসকজনে প্ৰথম বাৰৰ বাবে ছিজাৰ কৰিছিল বুলি ভুক্তভোগী পৰিয়ালৰ লোকে অভিযোগ  উত্থাপন কৰিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। 

খাৰুৱাবান্ধা