গণৰাজ্য দিৱসত দিল্লীৰ পেৰেডত উজলিব আশাৰীকান্দিৰ টেৰাকোটাৰ শিল্প

এইবাৰৰ গণৰাজ্য দিৱসত কৰ্তব্য পথত অসমৰ প্ৰতীকপটত  জিলিকি উঠিব ধুবুৰীৰ আশাৰীকান্দিৰ বিশ্ববিখ্যাত টেৰাকোটা শিল্প।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-23 at 9.25.49 AM

ডিজিটেল ডেস্কঃ সমাগত গণৰাজ্য দিৱস। দেশজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত। সাজু কৰি তোলা হৈছে নতুন দিল্লীৰ কৰ্তব্য পথো। ভাৰতীয় সেনা বাহিনীৰ বীৰত্ব আৰু শৃংখলাবদ্ধতাৰ লগতে গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় পেৰেডত জিলিকি উঠিব দেশৰ বৰ্ণময় সংস্কৃতি। এইবাৰৰ গণৰাজ্য দিৱসত কৰ্তব্য পথত অসমৰ প্ৰতীকপটত  জিলিকি উঠিব ধুবুৰীৰ আশাৰীকান্দিৰ বিশ্ববিখ্যাত টেৰাকোটা শিল্প।

WhatsApp Image 2026-01-23 at 9.17.25 AM (1)

উল্লেখ্য যে,‌  বৃহস্পতিবাৰে দেশৰ ৰাজধানীৰ ৰাষ্ট্ৰীয় ৰংশালা শিবিৰত সংবাদ মাধ্যমৰ আগত এই প্ৰতীকপট প্ৰদৰ্শন কৰে। ইপিনে এই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ লগতে ন’ডেল অফিচাৰ বিক্ৰম নেৱাৰ উপস্থিত থাকে।

image (32)

এইবাৰৰ প্ৰতীকপটখন ‘আত্মনিৰ্ভৰ ভাৰত’ৰ ধাৰণাৰে প্ৰস্তুত কৰিছে। আশাৰীকান্দি গাঁৱত কিদৰে নিজৰ পুৰণি কলা-সংস্কৃতিক জীয়াই ৰাখি স্বাৱলম্বী হ’ব পাৰি, তাৰ এক উৎকৃষ্ট উদাহৰণ। সাংস্কৃতিক উদ্যোগী হিচাপে কেনেকৈ এক পুৰণি পৰম্পৰাই একোটা অঞ্চলৰ অৰ্থনীতি সবল কৰিব পাৰে, সেয়া এই প্ৰতীকপটৰ জৰিয়তে উজ্বলাই তোলা হৈছে। এই প্ৰতীকপটৰ মূল আকৰ্ষণ হ’ল এক বিশাল টেৰাকোটা মূৰ্তি, এই মূৰ্তিয়ে বৃত্তাকাৰ আৰ্হিত মাটিৰ চাকি কঢ়িয়াই নিব। পোহৰ, ধাৰাবাহিকতা আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰিছে। দুয়োকাষে বাঁহৰ বেৰৰ সৈতে মাটিৰ শৰাই প্ৰদৰ্শন কৰা হৈছে।

WhatsApp Image 2026-01-23 at 9.17.14 AM (1)

অসমৰ বাঁহ সম্পদ আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা আৰ্থ-সামাজিক উন্নয়নৰ ছবি দাঙি ধৰিছে।তলৰ অংশটো এক সুন্দৰ ময়ূৰপঙ্খী নাও হিচাপে সজোৱা হৈছে, যি অসমৰ নদীকেন্দ্ৰিক সংস্কৃতিৰ কথা সোঁৱৰাই দিয়ে। এই নাৱৰ ওপৰত শিল্পীসকলে ‘হীৰামাটি’ৰে গণেশ, কাৰ্তিক, দুৰ্গা, লক্ষ্মী আৰু সৰস্বতীৰ মূৰ্তি নিৰ্মাণ কৰি থকাৰ এক সজীৱ দৃশ্য ফুটাই তোলা হৈছে। 

টেৰাকোটা শিল্প