FULL EPISODE: কৰ্কট ৰোগ এতিয়া দুৰাৰোগ্য হৈ নাইঃ অমল কটকী…

FULL EPISODE: কৰ্কট ৰোগ এতিয়া দুৰাৰোগ্য হৈ নাইঃ অমল কটকী…

ডিজিটেল ডেস্কঃ কৰ্কট ৰোগ এতিয়া দুৰাৰোগ্য হৈ নাই। প্রথম স্তৰত ধৰা পৰিলে ৮০ শতাংশ ৰোগীয়েই সুস্থ হয়। এতিয়া কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বহু উন্নত চিকিৎসা ব্যৱস্থা হৈছে। বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান চিকিৎসাৰ উপৰিও এই ৰোগৰ গৱেষণা এক দেশৰ ভিতৰতে উল্লেখযোগ্য কেন্দ্ৰ হৈ পৰিছে।

কৰ্কট ৰোগ চিকিৎসাত বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ স্থান চতুৰ্থ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ আড্ডাত এইদৰে কৰ্কট ৰোগীৰ বাবে বহু সুখবৰ দিলেহি এই প্ৰতিষ্ঠানটোৰ সঞ্চালক তথা বিশিষ্ট চিকিৎসক ডাঃ অমল কটকীয়ে।

সাধাৰণতে এই বিষয়বোৰ সংবাদমাধ্যমে আঁতৰত ৰাখে। অথচ দেশৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগত আক্ৰান্ত শতকৰা হাৰ আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰামতে সৰ্বাধিক। আইচিএমআৰে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, দেশৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগ হয় মিজোৰামত। অসমতে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা কম নহয়।

উত্তৰ-পূৰ্বাঞ্চলত ৪০ হাজাৰ নতুন কৰ্কট ৰোগী প্ৰতি বছৰে চিনাক্ত কৰা হয়। অসমত প্ৰতিবছৰে চিনাক্ত কৰা কৰ্কট ৰোগীৰ সংখ্যা প্ৰায় ৩০ সহস্ৰাধিক। পুৰণা ৰোগীৰ সৈতে মিলি ৰাজ্যখনত কৰ্কট ৰোগৰ চিকিৎসা কৰা ৰোগীৰ সংখ্যা ১.২০ লাখৰো অধিক হয়।

অথচ এই ৰোগৰ চিকিৎসাৰ বাবে নাই দেশত উপযুক্ত আন্তঃগাঁথনি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসালয়সমূহত থকা বিচনাৰ সংখ্যা ২৫০খনহে। এনেবোৰ প্ৰত্যাহ্বানকো নেওচি কৰ্কট ৰোগী সকলক চিকিৎসাৰ বাবে এক আধাৰ গঢ়িছে বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানে।

কেৱল চিকিৎসাই নহয়, এই ৰোগ নিয়ন্ত্ৰণৰ বাবে সজাগতা, ৰোগীক উপযুক্ত কাউন্সিলিঙৰ ব্যৱস্থাকে ধৰি কৰ্কট ৰোগক লৈ মানুহৰ মাজত বিয়পা ভ্ৰান্ত ধাৰণা আঁতৰ কৰিবলৈ নিৰৱে ডাঃ অমল কটকীৰ নেতৃত্বত চলিছে অভিযান।

যদিও তেওঁ মুলত স্ত্ৰী ৰোগ বিশেষজ্ঞ। কিন্তু বৰ্তমান তেওঁ দেশৰ ভিতৰতে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰসিদ্ধ অনক্ৰল'জিষ্ট। এই বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে বিশ্বৰ কেইবাখনো দেশত আলোচনা চক্ৰত ভাগ লোৱাৰ উপৰিও কৰ্কট ৰোগ বিষয়ক গৱেষণাপত্ৰ লিখিছে।

সেইগৰাকী প্ৰসিদ্ধ চিকিৎসকে ক'লে- উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ ৫৫ শতাংশ কৰ্কট ৰোগীয়ে পলমকৈ চিকিৎসকৰ কাষ চাপে। সজাগতা আৰু চিনাক্ত কৰিব পৰা উপযুক্ত ব্যৱস্থা থাকিলে সুস্থ কৰি তুলিব পাৰি কৰ্কট ৰোগী।

প্রথম অৱস্থাত চিনাক্ত কৰিলে ৮০ শতাংশ কৰ্কট ৰোগীয়ে সুস্থ হয় বুলি তেওঁ মন্তব্য কৰিলে। চিকিৎসক গৰাকীৰ মতে, তিনিটা প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয় কৰ্কট ৰোগৰ চিকিৎসা। দেশত ১০ লাখ লোকৰ বিপৰীতে এটাকৈ ৰেডিঅ' থেৰাপী মেচিন থাকিব লাগে।

সেই অনুসৰি আমাৰ দেশত ১২০০টা ৰেডিঅ' থেৰাপী মেচিন থকাৰ প্ৰয়োজন যদিও, এতিয়া আমাৰ দেশত আছে মাত্ৰ ৬০০হে এনে মেচিন। সেয়েহে কৰ্কট ৰোগীৰ ৰেডিঅ' থেৰাপী কৰোতে যথেষ্ট ভিৰ দেখা যায়।

অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল অমল কটকীয়ে। পিতৃৰ ইচ্ছানুসৰিয়েই এই বৃত্তিৰ সৈতে জড়িত হৈ পৰিছিল তেওঁ। লগতে তেওঁ এই আড্ডাত কয় কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত কিধৰণৰ প্ৰত্যাহ্বান আহিছে আৰু কৰ্কট ৰোগীৰ মনোবল বৃদ্ধি কৰিবলৈ কেনেধৰণৰ ব্যায়াম যোগাসন কৰিব লাগে।

ইয়াৰ উপৰিও তেখেতে বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানে কিধৰণে পৰিকল্পনা কৰি আগবাঢ়িছে তাৰো এক আভাস দাঙি ধৰে। কৰ্কট ৰোগীসকলে কেনেকৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে সেই বিষয়ে তেওঁ ব্যাখ্যা আগবঢ়ায়।

মহিলা আৰু শিশুৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত ইয়াৰ কাৰক আৰু কাৰণসমূহ ব্যাখ্যা কৰে। তেওঁ কয় – গ্ৰামাঞ্চলতকৈ চহৰ অঞ্চলত মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ সংখ্যা বেছি। ভাৰতবৰ্ষত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অৰ্হতা সম্পন্ন লোকৰ অভাৱৰ কথাও তেওঁ জানিবলৈ দিয়ে।

বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত এই ৰোগৰ চিকিৎসাৰ বাবে অৰ্হতা সম্পন্ন মানৱ সম্পদ গঢ়িবলৈ কিধৰণৰ পাঠ্যক্ৰম ব্যৱস্থা কৰিছে তাৰো সবিশেষ জনায়। তেওঁ কয়- ধনেৰে দামী যন্ত্ৰপাতি ক্ৰয় কৰিব পাৰি। কিন্তু চিকিৎসাৰ বাবে ইয়াৰ চিকিৎসা অধ্যয়ন আৰু গৱেষণা লাগিব। চৰকাৰৰ সহযোগিতাৰেহে কৰ্কট ৰোগৰ নিৰাময় সম্ভৱ।

এই ৰোগে এটা পৰিয়ালক কেনেদৰে ভাঙি পেলাই আৰু মানসিক অৱস্থা কি হয় তাৰ ব্যাখ্যা দাঙি ধৰে। অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক তথা সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ সৈতে বিশিষ্ট বিশেষজ্ঞ, চিকিৎসক তথা বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ সঞ্চালক অমল কটকীৰ সৈতে হোৱা এই সম্পূৰ্ণ সাক্ষাৎকাৰটো চাওঁক তলৰ লিংকত।

ইউটিবউ লিংক-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in