ফুলনিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা...

কাৰ্বি আংলং জিলাৰ উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
ythrtyr8i hgoi u

ডিজিটেল সংবাদ,হাওৰাঘাটঃ  কাৰ্বি আংলং জিলাৰ উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুত্বৰভাৱে  আহত হয় এজন লোক। জানিব পৰা মতে, গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখী HR 58 C 8233 নম্বৰৰ ৰড ভৰ্তি মালবাহী ১৬ চকীয়া এখন ট্ৰাকৰ AS 02 H 3826 নম্বৰৰ এখন স্কুটি আৰোহীৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।ফলত স্কুটি আৰোহীজন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগতে ঘটনাত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকচালক জনৰ নাম আনচুৱাৰ  বুলি জানিব পৰা গৈছে। 

monipur

উল্লেখ্য যে- এই ঘটনাত গুৰুত্বৰভাৱে আহত স্কুটি আৰোহীজনৰ নাম বিষ্ণু তিমুঙ। লগতে লোকজনৰ ঘৰ ফুলনিৰ বাচ'ক ৰংফাৰ গাঁৱত। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে স্কুটি আৰোহীৰ দুয়োখন ভৰি ছিঙি যায়। ইতিমধ্যে ঘটনাস্থলীত উত্তৰ বড়বিল উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়া সকল উপস্থিত হয়। ইপিনে স্কুটি আৰোহী বিষ্ণু তিমুঙক ততাতৈয়াকৈ ফুলনি মডেল হাস্পতাললৈ প্ৰেৰণ কৰে। যদিও পাছলৈ ডিফু চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত লোকজনক ভৰ্তি কৰে। 

ফুলনি