লোকনিৰ্মাণ বিভাগত বছৰি ৫০০ কোটিৰ দুৰ্নীতি ! মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কংগ্ৰেছৰ

লোকনিৰ্মাণ বিভাগত বছৰি ৫০০ কোটি মান টকাৰ অনিয়ম হোৱাৰ কথা বিভাগটোৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰাত বিভাগৰ বিষয়া-কৰ্মচাৰীসকল হতচকিত হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
fwyagefyqwguq

ডিজিটেল সংবাদ, গুৱাহাটীঃ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিভাগত হোৱা দুৰ্নীতি নিজেই উদঙাবলৈ বাধ্য হ’ল। লোকনিৰ্মাণ বিভাগত বছৰি ৫০০ কোটি মান টকাৰ অনিয়ম হোৱাৰ কথা বিভাগটোৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰাত বিভাগৰ বিষয়া-কৰ্মচাৰীসকল হতচকিত হৈ পৰিছে। এই বিষয়টো সন্দৰ্ভত আজি এক সংবাদমেলযোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে।

বৰাই সংবাদমেলত উল্লেখ কৰে যে, ''মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত লোক নিৰ্মাণ বিভাগ আছে ৷ ২ ফেব্ৰুৱাৰীত লোকনিৰ্মাণ বিভাগৰ এখন সভাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে বিভিন্ন সংমণ্ডলত অভিযন্তাসকলে প্ৰাককলন বিচৰাৰ সময়ত যদি ২ কোটি টকাৰ প্ৰাককলন হয় তেন্তে ৪ৰ পৰা ৮ কোটি টকাৰ প্ৰাককলন দিয়ে৷ এনেকৈ এবছৰত ৫০০ কোটি টকাতকৈ বেছি অপব্যয় হয় বুলি মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে ৷ অৰ্থাৎ লোকনিৰ্মাণ বিভাগত বছৰি ৫০০ কোটি টকাৰ দুৰ্নীতি হয়৷’’

বেদব্ৰত বৰাই লগতে উল্লেখ কৰে যে, বঙাইগাঁৱত যোশিতা দাস নামৰ এগৰাকী যুৱতী অভিযন্তাই নতুনকৈ বিভাগত যোগদান কৰিছিল ৷ বিভাগত সাংঘাটিক ধৰণৰ দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰি যুৱ অভিযন্তাগৰাকীয়ে আত্মহত্যা কৰিছিল ৷ সেই সময়ত আমি সংবাদমেল পাতি বিষয়টোক লৈ তদন্ত দাবী কৰিছিলো ৷ সেই সময়ত দুৰ্নীতি ৰোধ কৰিব পাৰিলেহেঁতেন৷ তেতিয়াই তদন্ত কৰিলে ৰাইজৰ কৰ-কাটলৰ পৰা সংগ্ৰহ কৰা এহেজাৰ কোটি টকা বচাব পাৰিলেহেঁতেন৷ মুখ্যমন্ত্ৰীয়ে এই ধৃষ্টতা কৰিছে কেনেকৈ৷ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে বছৰি ৫০০ কোটি টকাৰ দুৰ্নীতি হৈছে, সেয়েহে তেওঁ শীঘ্ৰে পদত্যাগ কৰক৷’’

এই সংবাদমেলত বৰাই কয় যে, লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে৷ দুৰ্নীতি ৰোধ কৰাতো ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা৷ তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ কৈছিল যে ৫০ হাজাৰমান থলুৱা ঠিকাদাৰ সৃষ্টি কৰি কাম দিব৷ তাৰ দ্বাৰা সংস্থাপন হ’ব বুলি কৈছিল ৷ কিন্তু আজি সকলোৱে জানে যে মুষ্টিমেয় কেইজনমান মানুহৰ বাহিৰে অসমত কোনো মানুহে ঠিকা নাপায়৷ ২৬ হাজাৰৰ পৰা ৩০ হাজাৰ কোটি টকা ঠিকাদাৰক বিল দিবলৈ আছে৷ শুনিলে দুখ লাগে যে বিজেপি দলত নতুনকৈ যোগদান কৰা যুৱ নেতাই চৰকাৰী নাতি-নিয়মৰ মাজেৰে ঠিকাৰ পঞ্জীয়ন কৰিছিল৷ তেওঁলোকে নিজৰ জমা ধন খৰছ কৰি ঠিকা কৰিছিল৷ কিন্তু চাবলৈ যদি যায় দেখিব যে জলজীৱন মিছনৰ ৫ হাজাৰ কোটি বিল দিবলগীয়া আছে৷ সৰ্বমুঠ ২৮ হাজাৰ কোটি টকা ঠিকাদাৰক বিল দিবলৈ বাকী আছে৷ কেনেকৈ মুখ্যমন্ত্ৰীয়ে পৰিচালনা কৰি থকা এটা বিভাগত ৫০০ কোটি টকাৰ অনিয়ম হ’ব পাৰে বুলিও বৰাই প্ৰশ্ন কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে, ইমানৰ পিছতো ফাকি-ফুকা দি হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ পৰিচালনা কৰি আছে৷ বিভাগত এনে অনিয়ম সংঘটিত কৰিবলৈ ৰাজ চক্ৰৱৰ্তী, বিজিত শইকীয়া, কুল শইকীয়া, হিৰন্ময় সেনকে ধৰি ১০গৰাকীতকৈ বেছি অৱসৰপ্ৰাপ্ত অভিযন্তাক পুনৰ নিযুক্তি দিছে৷ এই অভিযন্তাসকলৰ বিৰুদ্ধে মোৰ কোনো ব্যক্তিগত আক্ৰোশ নাই৷ চিনাকিও নাই৷’’

আনহাতে, আজি অসমৰ মানুহৰ অৱস্থা কেনেকুৱা বুলি প্ৰশ্ন কৰি বেদব্ৰত বৰাই কয় যে, অসমৰ মানুহৰ অৱস্থা বেয়া ৷ বিনামূলীয়া চাউল নাপালে মানুহ চলিব নোৱাৰে ৷ দুখীয়া মহিলাক উদ্যমিতা আঁচনিযোগে ১০ হাজাৰকৈ দিবলগীয়া হৈছে ৷ মানুহৰ উৎপাদন ক্ষমতা কমি গৈছে ৷ মানুহে উৎপাদন কৰি খাবলৈ ক্ষমতা নোহোৱা হৈছে ৷ মুখ্যমন্ত্ৰীয়ে যি হিতাধিকাৰী আঁচনি ৰূপায়ন কৰিছে সেই আঁচনি ৰূপায়ন কৰিবলৈ ঋণ লৈ থাকিবলগীয়া হৈছে ৷ এটা বিভাগত ৫০০ কোটি টকা দুৰ্নীতি কৰি তেওঁলোকে ঋণলৈ লোৱা ধনো আত্মসাৎ কৰিবলৈ এৰা নাই ৷ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ন্যায়িক তদন্তৰো দাবী কৰে বেদব্ৰত বৰাই।

বেদব্ৰত বৰা