২৫ হাজাৰ গৃহৰক্ষীয়ে কৰিব অসহযোগ…

২৫ হাজাৰ গৃহৰক্ষীয়ে কৰিব অসহযোগ…

ডিজিটেল সংবাদ,নগাঁও: ২৫ হজাৰ গৃহৰক্ষী জোৱানে চৰকাৰক অসহযোগ কৰিবলৈ সাজু হৈছে ৷ আনুষ্ঠানিক ভাবে আজি জোৱান সকলক নেতৃত্ব লোৱা দুটিকৈ সংগঠনে এই কথা সদৰি কৰিছে ৷ সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ বিষয়ববীয়া সকলে আজি সন্ধ্যা নগাঁৱত সংবাদ মেল সম্বোধন কৰি কয় যে ৰাজ্যৰ প্ৰায় ২৫ হাজাৰ গৃহৰক্ষী জোৱানৰ মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোনো গুৰুত্ব আৰোপ কৰা নাই।

প্ৰতিশ্ৰুতিৰে গৃহৰক্ষী জোৱান সকলক আভূৱা ভাৰি আহিছে।এই ভূৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে অহা ২ অক্টোবৰৰ পৰা গুৱাহাটীত কেন্দ্ৰীয় ভাবে অনিদিষ্ট কালীন অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পৰৰ্বতী সময়ত গুৱাহাটী ক্লাৱৰ পৰা পদযাত্ৰা কৰি ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপয়ান কৰা হব বুলি সংগঠন দুটাই সদৰি কৰে ৷ সংগঠন দুটাই লগতে অনিদিষ্ট সময়লৈ কৰ্মবিৰতি পালন কৰিব বুলিও জানিবলৈ দিয়ে।সংবাদমেলখনতসদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি কামাখ্যা দাস , যুটীয়া সম্পাদক ইক্ৰাম আলী আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাৰ উপদেষ্টা নিৰ্মল কোঁচৰ লগতে সভাপতি ৰজ্ঞিত দাস উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in