জগন্নাথ পুৰী ৰথযাত্ৰাত উচ্চতম ন্যায়ালয়ৰ অনুমতি প্ৰদান, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ টুইটাৰযোগে প্ৰতিক্ৰিয়া…

জগন্নাথ পুৰী ৰথযাত্ৰাত উচ্চতম ন্যায়ালয়ৰ অনুমতি প্ৰদান, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ টুইটাৰযোগে প্ৰতিক্ৰিয়া…

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে জগন্নাথ পুৰী ৰথ যাত্ৰাক লৈ মঞ্জুৰি প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে বহু চৰ্তৰ মাজেৰে এই ৰথ যাত্ৰা এই বৰ্ষত উলিওৱাৰ বাবে প্ৰদান কৰিছে অনুমতি। ন্যায়ালয়ে নিৰ্দেশ দি কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কোভিড-১৯ৰ গাইডলাইনৰ প্ৰতি নজৰ ৰাখি কিছুমান নীতি-নিয়মৰ মাজেৰেহে এই ৰথ যাত্ৰা আৰম্ভ কৰিব পাৰিব।

লগতে ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হয় যে, যদি ৰথ যাত্ৰাৰ সময়ত পৰিস্থিতি বেয়া হয় তেন্তে ওড়িশ্যা চৰকাৰে এই যাত্ৰা বন্ধ কৰিব পাৰিব। এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছে মুখ্য ন্যায়াধীশ এছ এ ব'বডেৰ অধ্যক্ষতাত গঠন কৰি তিনিজনীয়া ন্যায়াধীশৰ এটা দলে।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। এক টুইটযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে- 'আজিৰ দিনটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ। বিশেষকৈ ওড়িশ্যাৰ ভাতৃ-ভগ্নী আৰু ভক্তপ্ৰাণ ৰাইজৰ বাবে। আৰু ৰথযাত্ৰাত অনুমতি প্ৰদান কৰাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে লোৱা এই সিদ্ধান্তক লৈ সমগ্ৰ দেশ উৎসাহী আৰু আনন্দিত। জয় জগন্নাথ!'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in