সীমান্ত সুৰক্ষা বলক গৃহমন্ত্ৰীৰ নিৰ্দেশ: সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত ৰাখক শূণ্য সহনশীলতা নীতি…

সীমান্ত সুৰক্ষা বলক গৃহমন্ত্ৰীৰ নিৰ্দেশ: সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত ৰাখক শূণ্য সহনশীলতা নীতি…

ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহা মোডী চৰকাৰ এইবাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰিব শূণ্য সহনশীলতা নীতি। সোমবাৰে এই নীতিৰ সন্দৰ্ভত সীমান্ত সুৰক্ষা বলক অমিত শ্বাহে নিৰ্দেশ প্ৰদান কৰিছে যে ' কোনো ধৰণৰ আলোচনাৰ সৈতে প্ৰভাৱিত হোৱাৰ প্ৰয়োজন নাই। সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত ৰাখক শূণ্য সহনশীলতা নীতি।'

আনহাতে গৃহ মন্ত্ৰালয়ে সংবাদ মাধ্যমক কিছুদিনৰ পূৰ্বে ৰাজহুৱা কৰিছিল যে চলিত বৰ্ষত বৰ্তমানৰ লৈকে ১০১ জন সন্ত্ৰাসবাদী সেনাৰ হাতত নিহত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি আগন্তুক দুটা মাহৰ ভিতৰতে সন্ত্ৰাসবাদ নিমূৰ্লৰ বাবে নতুন ৰণনীতি তৈয়াৰ কৰা হ'ব আৰু এই বিষয়ত নজৰ ৰাখিব গৃহমন্ত্ৰী অমিত শ্বাহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in