দুধনৈৰ আমজোঙাত কৰ্তব্যৰত অৱস্থাত নিশা ৰহস্যজনক মৃত্যু গৃহৰক্ষী জোৱানৰ

দুধনৈৰ আমজোঙাত কৰ্তব্যৰত অৱস্থাত নিশা ৰহস্যজনক মৃত্যু গৃহৰক্ষী জোৱানৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ দুধনৈৰ আমজোঙাত কৰ্তব্যৰত অৱস্থাত এজন গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমজোঙা এন আৰ চি কেন্দ্ৰত নিশা কৰ্তব্য পালন কৰি থকা সময়তে হঠাৎ মৃত্যু হয় গৃহৰক্ষী জোৱানজনৰ। মৃত গৃহৰক্ষীজনৰ নাম অভিৰাম কলিতা। তেওঁৰ ঘৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত শিমলীতোলাত।

দুধনৈ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱানজনে মঙলবাৰে সন্ধিয়া এন আৰ চি কেন্দ্ৰত কৰ্তব্যৰ বাবে আহিছিল আৰু নিশা কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাতে ৰহস্যজনক ভাৱে মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷

ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে৷ জোৱানজন নিহত হোৱাৰ কাৰণ সম্পৰ্কে বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে৷ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ সৱিশেষ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in