নিৰাপত্তাৰক্ষীৰ মৃত্যুঃ মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ ডিজিপিক

নিৰাপত্তাৰক্ষীৰ মৃত্যুঃ মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ ডিজিপিক

ডিজিটেল সংবাদ, গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চৰকাৰী বাসগৃহত কৰ্তব্যৰত নিৰাপত্তাৰক্ষী শুক্ৰেশ্বৰ কাঠাৰৰ ৰহস্যজনক মৃত্যুৰ তদন্ত নিৰ্দেশ দিছে ডিজিপিক। এই কথা সংবাদমাধ্যমক জানিবলৈ দিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে।

এয়া হত্যা নে আত্মহত্যা এতিয়াও স্পষ্ট হোৱা নাই। মৃত্যু হোৱা আৰক্ষী  জোৱানজন দশম আৰক্ষীৰ লেন্স নায়ক আছিল। শুক্ৰেশ্বৰ কাথাৰ নামৰ এই জোৱনজনৰ ঘৰ আছিল মৰিগাঁৱত। বৰ্তমান মৃতদেহ জি এম চি এইচলৈ নিয়া হৈছে।গুলীৰ আঘাতৰ পাছতেই তেওঁক এম এম চিলৈ নিয়া হৈছিল যদিও, নিশা ৮.৪৫ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in