হোলীৰ দিনটোত টুইটাৰত কি টুইট ছলমান খানৰ…

হোলীৰ দিনটোত টুইটাৰত কি টুইট ছলমান খানৰ…

ডিজিটেল ডেস্কঃ ১১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ২০১৯ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বলিউদৰ তাৰকাসকলক নিজৰ টুইটত টেগ কৰিছে। আৰু দেশৰ সকলো ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনাবলৈ অনুৰোধ জনাইছে।

প্রধানমন্ত্ৰী মোডীয়ে ছলমানখানক সম্বোধন কৰি টুইট কৰি লিখিছে- 'আপুনিও নিজৰ ষ্টাইলত ভোটাৰক সকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰক।' তাৰপাছতেই অভিনেতা ছলমান খানে হোলী অৰ্থাৎ আজি প্রধানমন্ত্ৰীৰ এই টুইটটোৰ উত্তৰ দিয়ে। ছলমান খানে লিখে- 'আমি এখন গণতান্ত্ৰিক দেশত আছো। ভোট দিয়াটো প্ৰত্যেকজন ভাৰতীয়ৰ কৰ্তব্য। মই প্ৰতিজন ভোটাৰক নিজৰ এই অধিকাৰৰ ব্যৱহাৰ কৰিবলৈ আৰু এখন ভাল চৰকাৰ গঠন কৰাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in