আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো…

আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো…
  • বৃহস্পতিবাৰে ৰঙৰ উৎসৱ ফাকুৱা।
  • আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ চৌদিশ।
  • হোলী গীতৰ মূৰ্চ্ছনাৰে মুখৰিত হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ আকাশ-বতাহ।
  • সমাজৰ কলুষতা আঁতৰাই আবিৰৰ ৰঙে কঢ়িয়াব সম্প্ৰীতিৰ এনাজৰী।
  • ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিক্ষানুষ্ঠান সমূহৰ ছা্ত্ৰ-ছাত্ৰীসকলকো দেখিবলৈ পোৱা গৈছে আনন্দ প্ৰকাশ কৰা।
  • ঘৰৰ পৰা আতৰত থাকি ছাত্ৰ-ছাত্ৰীসকলে পালন কৰিছে ৰঙৰ উৎসৱ।
  • কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে আনন্দ উছাহৰ মাজেৰে ইজনে সিজনক সানিলে ফাকুৱা।
  • ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়টো বৃহস্পতিবাৰে দেখা গ'ল ব্যতিক্ৰমী পৰিৱেশ।
  • বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰ মাজতে ইজনে সিজনক সানিলে ফাকুৱা।
  • সমগ্ৰ দেশৰ লগতে পুৱাৰে পৰা হোলীৰ আনন্দত মতলীয়া হৈছে ৰাজ্যবাসী।
  • বৰপেটাৰ ঐতিহাসিক কীৰ্তন ঘৰতো উলহ-মালহেৰে পালন কৰা হৈছে দৌল উৎসৱ।
  • সকলোৱে আশা কৰে সমাজৰ সকলো অন্ধকাৰ নাশ কৰি আবিৰৰ ৰঙেৰে সমাজলৈ কঢ়িয়াই আনিব সম্প্ৰীতিৰ এনাজৰীৰ লগতে ভাতৃত্ববোধ।
  • ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেনে- বৰপেটা, বটদ্ৰৱা আৰু মাজুলী ইত্যাদিত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ।
  • বৰপেটাত বুধবাৰৰ পৰা ৩ দিনীয়াকৈ আৰম্ভ হৈছে ফাকুৱা।
  • মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান আৰু সত্ৰনগৰী মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰ সমূহটো পৰম্পৰাগত ৰীতি-নীতিক সাৰোগত কৰি আৰম্ভ হৈছে হোলী গীত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in