হোজাইত ৩১ গৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ সাহায্য…

হোজাইত ৩১ গৰাকী বিধৱা  মহিলালৈ ২.৫০ লাখ টকাৰ সাহায্য…

হোজাইত ৩১ গৰাকী বিধৱা  মহিলালৈ ২.৫০ লাখ টকাৰ চৰকাৰী এককালীন আর্থিক সাহায্য…

প্ৰতিদিন বিশেষ সংবাদ মোৰাঝাৰ শনিবাৰে হোজাই জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত ভাগ লয় হোজাই জিলাৰ অভিভাৱক মন্ত্রী তথা অসম চৰকাৰৰ বন, পৰিৱেশ আৰু আৱকাৰীবিভাগৰ মন্ত্ৰী শুক্লবৈদ্যই। মুখ্যমন্ত্রী কোভিড ১৯ বিধৱা সাহায্য আচঁনিৰ অধীনত কভিড-১৯ত আক্ৰান্ত হৈ স্বামীয়ে মৃত্যুবৰণ কৰা ৩১ গৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন আর্থিক সাহায্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে।

এই আঁচনিৰ যোগেদি বার্ষিক উপার্জন ৫ লাখ টকাতকৈ কম পৰিয়ালসহূহৰ যি সকল মহিলাৰ স্বামীয়ে কোভিড ১৯ আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে সেই মৃত লোক সকলৰ পত্নীসকলক এই আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে বাছনি কৰা হৈছে।

এই অনুষ্ঠানত  মন্ত্রী গৰাকীয়ে উল্লেখ কৰে  যে, অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ  হৈ তেওঁ কভিড ১৯ ত বিধৱা আই মাতৃ সকলক আর্থিক সাহায্য‌ প্রদানৰ লগতে সমবেদনা জ্ঞাপন কৰিবৰ বাবে আজি হোজাইই জিলাত উপস্থিত হৈছে। মন্ত্রীয়ে শনিবাৰে প্ৰদান কৰা তালিকাত যি সকল হিতাধিকাৰীৰ নাম অন্তর্ভুক্ত হোৱা নাই তেওঁলোকৰ নাম পৰৱৰ্তী তালিকাত অন্তর্ভূক্তিৰ বাবে জিলা প্রশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়ে। 

এই অনুষ্ঠানত হোজাই বিধান সভা সমষ্টিৰ  বিধায়ক শ্রী ৰামকৃষ্ণ ঘোষ,লামডিং বিধান সভা সমষ্টিৰ  বিধায়ক শ্রী শিবু মিশ্র, নগাওঁ লোকসভা সমষ্টিৰ সাংসদৰ প্রতিনিধি, যমুনামুখ সমষ্টিৰ বিধায়কৰ প্রতিনিধি, উপায়ুক্ত ডাঃ ছাদনেক সিং,আৰক্ষী অধীক্ষক শ্ৰী বৰুণ পুৰকায়স্থ, অতিৰিক্ত উপায়ুক্ত আৰু চক্ৰ বিষয়া সকল প্রমুখ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধি সকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in