হোজাইত পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, স্বামীয়ে জ্বলাই দিলে পত্নীক…

হোজাইত পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, স্বামীয়ে জ্বলাই দিলে পত্নীক…


ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত মেথিগাঁৱ ৰিজাৰ্ভত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। গাঁওখনৰ ফৰজানা বেগম নামৰ ১৯ বছৰীয়া যুৱতীগৰাকীক স্বামী ইমৰান হুছেইনে পাৰিবাৰিক সংঘাতৰ পৰিণতিত গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ অভিযোগ উঠিছে৷

প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ হোৱা যুৱতীগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি নীলবাগান হস্পিটেললৈ প্ৰেৰণ কৰে যদিও সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি থকা যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰিছে চিকিৎসকে।

ঘটনাস্থলীত উপস্থিত হৈছে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু মোৰাজাৰ আৰক্ষীৰ দল৷আৰক্ষীৰ আগত যুৱতীগৰাকীক স্বামীয়ে জ্বলাই দিয়াৰ স্বীকাৰোক্তি দিয়া বুলি জানিব পৰা গৈছে৷মোৰাঝাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷

উল্লেখ্য যে ইমৰান হুছেইনৰ লগত এই ফৰজানা বেগম নামৰ যুৱতীগৰাকীৰ বিবাহ সম্পন্ন হৈছিলহ ৪ মাহ মান পূৰ্বে৷বিবাহৰ পিচৰে পৰা কইনাগৰাকী নিজৰ মন পচন্দৰ নহয় বুলি স্বামী ইমৰান হুছেইনে নিৰ্যাতন চলাই আহিছিল পত্নীক৷মাজে মাজে ঘৰৰ পৰা উলিয়াই দিছিল৷ অকল ইমানেই নহয় স্বামীগৃহত স্বামীৰ উপৰিও শাহুৰ, ননদেও চলাইছিল যুৱতীগৰাকীক অকথ্য নিৰ্যাতন৷

দেওবাৰে পুৱা স্বামী আৰু পত্নীৰ মাজত পাৰিবাৰিক কাজিয়াৰ সুত্ৰপাত হয়৷উক্ত কাজিয়াৰ অলপ পিছতে পত্নীক কেৰাচিন বালি হত্যাৰ চেষ্টা কৰে লম্পট যুৱক জনে। অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷পত্নীয়ে তেওঁক স্বামীয়ে জ্বলাই দিয়াৰ অভিযোগ কৰিছে৷

ইফালে স্বামীগৃহৰ পৰিয়ালে এই অভিযোগ অস্বীকাৰ কৰি পাৰিবাৰিক কন্দলৰ পৰিণতিত নিজে নিজৰ গাত কেৰাচিন ঢালি জুই লগাই আত্মহত্যা কৰাৰ চেষ্টা বুলি অভিযোগ কৰিছে৷আৰক্ষীয়ে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত৷স্বামীগৃহৰ লোকক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷

ঘটনাস্থলীত আৰক্ষীৰ লগতে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ উপস্থিত হৈ নিৰ্যাতিত যুৱতীগৰাকীৰ ঘৰত উপস্থিত হৈছে৷ আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ আহিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in