আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন

আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন

ডিজিটেল সংবাদ, মোৰাঝাৰঃ সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো কোৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাই অহাত সাধাৰণ লোকৰ মাজত এক আতংকৰ সৃষ্টি হৈছে। কোৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে ঘোষণা কৰা লকডাউনে খাটি খোৱা লোকৰ মাজত বৃদ্ধি কৰিছে চৰম খাদ্য সংকটৰ। চৰকাৰে এনে অসমৰ্থ লোকলৈ খাদ্য সামগ্ৰী আগবঢ়োৱাৰ উপৰিও স্বেচ্ছাসেৱী বহু সংগঠনে খাদ্য সামগ্ৰী বিতৰণ কৰি অভাৱগ্ৰস্ত লোকক সকাহ প্ৰদান কৰি আহিছে। এইক্ষেত্ৰত হোজাই জিলাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগো লেখত লবলগীয়া।

শেহতীয়াকৈ কোৰোনা সংক্ৰমণ হোৱাৰ আশংকা থকা অতি ব্যস্ত জনপদ তথা ভিৰ হোৱা স্থানত ছেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ অংশ হিচাপে শনিবাৰে দুপৰীয়াৰ সময়ত মোৰাঝাৰ আৰক্ষী থানা চৌহদ ছেনিটাইজ কৰা হয়।

সমান্তৰালভাৱে মোৰাঝাৰ বজাৰ জামে মছজিদ চৌহদ আৰু মোৰাঝাৰ বজাৰৰ ব্যস্ততম এলেকাত ছেনিটাইজ কৰা হয়। সংগঠনটোৰ এই কাৰ্যত সম্পূৰ্ণ সহযোগীতা আগবঢ়ায় হোজাই জিলা অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া কৰ্মীয়ে। সংগঠনটোৰ এই মহৎ কাৰ্যৰ ভূয়সী প্ৰশংসা কৰিছে সচেতন ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in