হোজাইৰ দেৱস্থানত জাল নোট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত…

হোজাইৰ দেৱস্থানত জাল নোট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত…

ডিজিটেল সংবাদ,মোৰাঝাৰ : হোজাই জিলাৰ দেৱস্থান বজাৰৰ পৰা যোৱা ১১ছেপ্টেম্বৰৰ নিশা স্থানীয় ৰাইজে জিয়া উদ্দিন নামৰ জাল নোট ব্যৱসায়ী জনক হাতেলোটে আটক কৰি দেৱস্থান আৰক্ষীক গতাই দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।দেৱস্থান আৰক্ষীয়ে জাল নোট ব্যৱসায়ী জিয়া উদ্দিনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৮৯ বি আৰু ৪৮৯ চি ধাৰাৰ অধীনত ৩৮৯/২০২০ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱাই তিনিদিনৰ ভাবে নিজৰ জিম্মাত লৈছিল।জিয়া উদ্দিনৰ স্বীকাৰুক্তিৰ ভিত্তিত আৰক্ষীয়ে যোৱা নিশা অভিযান চলাইডবকাৰ চান্দানপুৰৰ পৰা কাফিল উদ্দিন বৰভুঞা নামৰ লোক এজনক আটক কৰে অভিযানকাৰী দলে।


উল্লেখ্য যে জিয়া উদ্দিন নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি জাল নোট ব্যৱসায়ীৰ লগত জড়িত হৈ আছিল।
জিয়া উদ্দিনৰ লগত আন্ত:ৰাষ্ট্ৰীয় নকল টকা সৰবৰাহৰ এটা কুখ্যাত চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷ ইফালে আৰক্ষীৰ অভিযানত আটক হোৱা কফিলে নিজকে নকল টকাৰ ব্যৱসায়ীৰ লগত জড়িত নহয় বুলি প্ৰকাশ কৰিছে যদিও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ইফালে এই চক্ৰৰ লগত জড়িত আন কেবাজনো পলাতক হৈ থকা বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in